গেলাবিল নদীৰ পৰিত্যক্ত কাঠৰ দলঙত মেটেকা, আৱৰ্জনা আৰু মৰাশৰ দুৰ্গন্ধত অতিষ্ঠ ৰাইজ

গেলবিল নদীত পৰিত্যক্ত পুৰণা কাঠৰ দলংখনত কেইবামাহ ধৰি মেটেকা, প্ৰদূষিত আৱৰ্জনা আৰু বহু জীৱ-জন্তুৰ মৰাশ লাগি থকাত বৃহত্তৰ ৰঙাগড়া অঞ্চলত দুৰ্গন্ধময় পৰিবেশে বিৰাজ কৰিছে। 

author-image
Asomiya Pratidin
New Update
gelabeeel 5

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত সম জিলাৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত ৰঙাগড়া-গেলাবিল পকী দলঙৰ পূৱ দিশত গেলবিল নদীত পৰিত্যক্ত হৈ পৰি থকা পুৰণা কাঠৰ দলংখনত কেইবামাহ ধৰি মেটেকা, প্ৰদূষিত আৱৰ্জনা আৰু বহু জীৱ-জন্তুৰ মৰাশ লাগি থকাত বৃহত্তৰ ৰঙাগড়া অঞ্চলত দুৰ্গন্ধময় পৰিবেশে বিৰাজ কৰিছে। 

ফলত স্থানীয় জনতাৰ লগতে দৈনন্দিন ৰঙাগড়া পকী দলঙেদি পাৰাপাৰ হোৱা ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ, ৰোগী আৰু ডাক্তৰ নাৰ্ছসকলে এক বিৰক্তিকৰ পৰিবেশৰ সন্মুখীন হ'ব লগাত পৰিছে। এনে পৰিপ্ৰেক্ষিতত জীপাল কৃষক-শ্ৰমিক সংঘই শনিবাৰে পুৰণা কাঠৰ দলংখনত লাগি মেটেকা, মৰাশ আৰু আৱৰ্জনা সমূহ এক সপ্তাহৰ ভিতৰত আৰু এক মাহৰ ভিতৰত পুৰণা কাঠৰ দলংখন উঠাই নিবলৈ দাবী জনাই বোকাখাত লোক নিৰ্মাণ বিভাগ আৰু বোকাখাতস্থিত গোলাঘাট পশ্চিম খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে। 

উল্লেখযোগ্য যে জীপাল কৃষক-শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহ, সম্পাদক জেহিৰুদ্দিন আহমেদ আৰু সাংগঠনিক সম্পাদক পবিত্ৰ টাইদৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত  কেতবোৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ আছে। আনহাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজৰ সহযোগত বিশাল গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিছে জীপাল কৃষক শ্ৰমিক সংঘই সকীয়ায় দিছে। 

ইপিনে পৰিবেশ তন্ত্ৰত সুদূৰপ্ৰসাৰী ক্ষতিৰ বাবে চৰম ক্ষতিপূৰণ দিবলৈও দাবী উত্থাপন কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘই।

বোকাখাত