ভাৰতীয় সামাজিক বিজ্ঞান একাডেমীৰ সভাপতি হিচাপে নিৰ্বাচিত শিক্ষাবিদ জি দি শৰ্মা

কেইবা দশকৰ অভিজ্ঞতা আৰু এক বিশিষ্ট শৈক্ষিক কেৰিয়াৰৰ সৈতে, অধ্যাপক জি দি শৰ্মাই অঞ্চলটোত আৰু ইয়াৰ বাহিৰত শৈক্ষিক আৰু গৱেষণাৰ দৃশ্যপট গঢ়ি তোলাত এক পৰিৱৰ্তনশীল ভূমিকা পালন কৰিছে।

author-image
Asomiya Pratidin
New Update
1ustm

ডিজিটেল সংবাদ,মেঘালয় : সদ্যঘোষিত ৰাষ্ট্ৰীয় সামাজিক বিজ্ঞান একাডেমীৰ নিৰ্বাচনত সভাপতিৰ পদৰ বাবে নিৰ্বাচিত কৰা হ'ল ইউ এচ টি এমৰ উপাচাৰ্য অধ্যাপক জি দি শৰ্মাক। ভাৰতত সামাজিক বিজ্ঞান গৱেষণা আৰু নীতি সংলাপৰ উন্নতিৰ বাবে সমৰ্পিত এই একাডেমীখনৰ শীঘ্ৰেই দায়িত্ব ল'ব জি দি শৰ্মাই।

Advertisment

পূৰ্বে Association of Indian Universities চমুকৈ AIU ৰ সভাপতি পদৰো দায়িত্বত আছিল অধ্যাপক জি দি শৰ্মা। অধ্যাপক শৰ্মাক এই সন্মানীয় পদৰ বাবে নিৰ্বাচন কৰা হৈছে তেওঁৰ উচ্চ শিক্ষা আৰু সামাজিক বিজ্ঞানৰ ক্ষেত্ৰত শৈক্ষিক উৎকৰ্ষতা, সামগ্ৰিক শিক্ষা আৰু প্ৰভাৱশালী নেতৃত্বৰ প্ৰতি তেওঁৰ জীৱনজোৰা প্ৰতিশ্ৰুতিৰ স্বীকৃতিৰ বাবে।

কেইবা দশকৰ অভিজ্ঞতা আৰু এক বিশিষ্ট শৈক্ষিক কেৰিয়াৰৰ সৈতে, অধ্যাপক শৰ্মাই অঞ্চলটোত আৰু ইয়াৰ বাহিৰত শৈক্ষিক আৰু গৱেষণাৰ দৃশ্যপট গঢ়ি তোলাত এক পৰিৱৰ্তনশীল ভূমিকা পালন কৰিছে। এই পদৰ বাবে তেওঁক নিৰ্বাচন কৰাৰ পিছতেই, তেওঁৰ মন্তব্যত, অধ্যাপক শৰ্মাই কৈছিল, "ৰাষ্ট্ৰীয় সামাজিক বিজ্ঞান একাডেমীৰ সভাপতি হিচাপে সেৱা আগবঢ়োৱাটো এক ডাঙৰ সন্মানৰ বিষয়। গৱেষণা শক্তিশালী কৰা, উদ্ভাৱন কঢ়িয়াই অনাৰ বাবে মই সমগ্ৰ দেশৰ পণ্ডিত আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে কাম কৰাৰ বাবে আশাবাদী। 

তেওঁৰ এই নিয়োগে সামাজিক বিজ্ঞানৰ ক্ষেত্ৰত ইউ এচ টি এমৰ অৱদানক ৰাষ্ট্ৰীয় পৰিসৰত অধিক দৃঢ়তা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত ইউ এচ টি এমৰ আচাৰ্য্য মহবুবুল হকে এই সন্দৰ্ভত কয়, "এই খবৰে সমগ্ৰ বিশ্ববিদ্যালয় পৰিয়ালক গৰ্বিত কৰি তুলিছে। অধ্যাপক শর্মাৰ নেতৃত্বত এই একাডেমি অধিক গৱেষণা আৰু নীতিগত বিকাশৰ দিশত আগবাঢ়িব বুলি আমি বিশ্বাস কৰোঁ।”

উল্লেখ্য যে, অধ্যাপক জি ডি শর্মা সামাজিক বিজ্ঞানৰ ক্ষেত্ৰত এক জ্যেষ্ঠ গৱেষক আৰু শিক্ষাবিদ হিচাপে বহু দশকৰ অভিজ্ঞতাৰ অধিকাৰী ।তেওঁৰ নেতৃত্বত ইউ এচ টি এময়েও ভাৰতীয় শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূর্ণ স্থান দখল কৰিছে।

জি দি শৰ্মা