/asomiyapratidin/media/media_files/2025/11/15/ujjjdd-2025-11-15-18-36-37.jpg)
ডিজিটেল ডেস্কঃ শিল্প, বাণিজ্য, খাদ্য আৰু সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰেৰে যোৱা খানাপাৰাত চলি থকা নন্দিনী শীৰ্ষক অনুষ্ঠানত ৰাজ্যৰ লগতে উত্তৰ-পূবৰ পৰা প্ৰায় অৰ্ধ শতাধিক ক্ষুদ্ৰ উদ্যমীয়ে ভাগ লৈছে। থলুৱা সামগ্ৰীক বিশ্ব দৰবাৰৰ লগতে এখন উপযুক্ত বজাৰ দিয়াৰ উদ্দেশ্যৰে অনুষ্ঠিত হোৱা নন্দিনীলৈ অহা সকলোৰে আছে একোটা নিজা নিজা কাহিনী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/ca1c29dc-e095-48da-b34c-aeb53749c7a4-2025-11-15-18-23-26.jpeg)
এইবেলি নন্দিনীত ফুলৰ বজাৰ লৈ বহিছে এগৰাকী লোক। তেওঁৰ নাম গৌতম পাটগিৰি। গুৱাহাটীৰ কাহিলীপাৰাতে তেওঁৰ ঘৰ। প্ৰায় ১০বছৰ ধৰি তেওঁ চাকৰি কৰিছিল ব্যক্তিগত প্ৰতিষ্ঠানত। গুৱাহাটীৰ বহুকেইটা ইলেক্টনিক সংবাদ মাধ্যমৰ সৈতে প্ৰায় এটা দশক ধৰি জড়িত আছিল তেওঁ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/ee77efe5-baad-4c01-85d7-5c87dd59559e-2025-11-15-18-23-39.jpeg)
সংবাদমাধ্যমৰ ক্ষেত্ৰখনত ভাল দৰমহা লাভ কৰা গ্ৰাফিক্সৰ ক্ষেত্ৰখনৰ সৈতে ওতঃপোতভাৱে জড়িত হৈ আছিল তেওঁ। চাকৰিৰ সমান্তৰালভাৱে তেওঁ চলাই গৈছিল নাৰ্চাৰীৰ ব্যৱসায়। প্ৰথম অৱস্থাত পত্নী ভাৰতী কলিতা পাটগিৰিৰ প্ৰচেষ্টাতে গঢ় লৈ উঠিছিল ক্ৰিয়েটিভ গাৰ্ডেন নামৰ নাৰ্চাৰীখন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/6539e73a-f143-4193-a5e5-03483d368812-2025-11-15-18-23-56.jpeg)
লাহে লাহে নাৰ্চাৰীখন ডাঙৰ হ'ল। এটা সময়ত হৈ তেওঁ বাদ দিলে চাকৰি। পত্নীৰ সৈতে তেওঁ ওতঃপোতভাৱে জড়িত হৈ পৰিল নাৰ্চাৰীখনৰ সৈতে। দুয়ো একেলগে মিলি কৰিল বহু পৰিকল্পনা। অইন নাৰ্চাৰীতকৈ তেওঁলোকৰ খন কিদৰে পৃথক কৰিব পাৰি তাৰ চিন্তা কৰিলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/1b85f87d-2c40-4101-adfe-b75cdc1faaa0-2025-11-15-18-24-10.jpeg)
গ্ৰাফিক্সৰ সৈতে জড়িত থকাৰ সূত্ৰে গৌতম পাটগিৰিয়ে নাৰ্চাৰীক লৈ কৰিলে ন ন কিছু পৰিকল্পনা। কোনো লোকে যদি তেওঁলোকৰ ঘৰত নাৰ্চাৰী লগাব খোজে, তেন্তে গ্ৰাফিক্সৰ সহায়ত গৌতম পাটগিৰিয়ে আগতীয়াকৈ তাৰ নক্সা তৈয়াৰ কৰি দিয়ে। যাৰ বাবে নাৰ্চাৰীখন সম্পূৰ্ণ হোৱাৰ পাছত দেখিবলৈ কেনেকুৱা হ'ব, তাৰ আভাস আগতেই লাভ কৰে গ্ৰাহকে।
২০১৮চনৰ, ২৩জানুৱাৰীত আৰম্ভ কৰা ক্ৰিয়েটিভ গাৰ্ডেন এতিয়া সুস্থিৰ অৱস্থালৈ আহিছে। গৌতম পাটগিৰিয়ে অসমীয়া প্ৰতিদিন ডিজিটেলক জনোৱা অনুসৰি, কাহিলীপাৰাৰ ঘৰত এখন সম্পূৰ্ণ চাঁদত তেওঁলোকৰ আছে নাৰ্চাৰী। ইয়াৰ উপৰিও ঘৰৰ প্ৰথম মহলাত ফুল প্ৰদৰ্শনৰ বাবে এক বিশেষ বিপনীও আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/6fe8a389-b384-4d75-be92-c38bdf0676f2-2025-11-15-18-24-24.jpeg)
সম্পূৰ্ণ এখন চাঁদত ফুলনি থকা নাৰ্চাৰী গুৱাহাটীত নাই বুলিও কয় গৌতম পাটগিৰিয়ে। কম ঠাইতে কিদৰে নাৰ্চাৰীৰ ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰি তাৰ প্ৰশিক্ষণ ল'বলৈও কৃষি বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাৰ্থী আছে গৌতম পাটগিৰি নাৰ্চাৰীলৈ। বৰ্তমান ক্ৰিয়েটিভ গাৰ্ডেনত আছে ৫০০-৬০০ ফুলৰ প্ৰজাতি।
কেৱল ফুল বিক্ৰী কৰাই নহয়, এখন ফুলনিৰ বাবে কৰিবলগীয়া সকলোখিনি কৰি দিয়ে ক্ৰিয়েটিভ গাৰ্ডেনে। ঘৰৰ ভিতৰত কিদৰে ফুল সজাঁলে ধুনীয়া দেখি, লেন্সকেপ ডিজাইনিং আদি সকলোবোৰ কৰি দিয়ে গৌতম পাটগিৰিয়ে। চাকৰিকে সৰ্বস্ব বুলি বুলি ভাৱি থকাৰ সময়ত গৌতম পাটগিৰিৰ দৰে ব্যক্তিৰ চিন্তাই সমাজত ন চিন্তাধাৰাৰ জন্ম দিব পাৰে। এনে নতুন চিন্তাক আগুৱাই নিয়াটোৱেই হৈছে নন্দিনীৰ উদ্দেশ্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/dc4c0bf9-834e-4a3d-87d8-25ef278b42c5-2025-11-15-18-24-42.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us