/asomiyapratidin/media/media_files/2025/12/06/new-ap-web-11-11-24-new-2-2025-12-06-17-41-54.jpg)
ডিজিটেল ডেস্কঃ গৌৰীপুৰত ড° ভীমৰাও আম্বেদকাৰৰ ৬৯ সংখ্যাক মৃত্যু বাৰ্ষিকী উদযাপন। গৌৰীপুৰৰ ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুসুচিত জাতি-জনজাতি নিবনুৱা সন্থাৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে সংবিধান প্ৰণেতা ভাৰত ৰত্ন বাবা সাহেব ড° ভীমৰাও আম্বেদকাৰ ৬৯ সংখ্যাক মৃত্যু বার্ষিক উদযাপন কৰা হয়। মহান নেতা গৰাকীৰ মৃত্যু বাৰ্ষিক দিনটোত নেতা গৰাকীৰ স্মৰণ কৰাৰ লগতে তেখেতৰ প্ৰতিচ্ছবি মাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিভিন্ন জনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-17-40-44.jpeg)
উল্লেখ্য যে বিয়লি ভাগত অনুষ্ঠিত হোৱা মুকলি সভাত ভাৰত ৰত্ন বাবা সাহেব ড° ভীমৰাও আম্বেদকাৰৰ জীৱন কাহিনীৰ আলোকপাত কৰাৰ লগতে অনুসূচিত জাতি-জনজাতিক সংবিধানে দিয়া সুযোগ সুবিধা আৰু অধিকাৰ সমূহ সুচাৰুভাৱে দিয়াৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে।মুকলি সভাতেই সমাজৰ বাবে দিনে ৰাতি সংবাদ মাধ্যমত কাম কৰা তিনিজনকৈ জেষ্ঠ্য সাংবাদিক ক্ৰমে দয়াল পাল, বিজয় কুমাৰ শৰ্মা আৰু ৰাজীৱ শৰ্মালৈ বিশেষ বঁটা আৰু সম্ভৰ্ধনা জনায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-2025-12-06-17-41-14.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us