/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-16-31-45.jpg)
ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰীত অৱস্থিত ২০নং অসম আৰক্ষী বাহিনীৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহৰে উদযাপন কৰা হয়। এই প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নামনি অসমৰ বঙাইগাঁও ৱাষ্টাৰ্ণ ৰীজনৰ DIG বিজয় গিৰী কুলি গ্ৰামৰ লগতে ৬৬নং BSF বাহিনীৰ উপ অধিনায়ন সুৰেন্দ্ৰ কুমাৰ বথা,২০নং অসম আৰক্ষী বাহিনীৰ অধিনায়ক জ্যোতি ৰঞ্জন নাথ,ধুবুৰীৰ গৃহৰক্ষী বাহিনীৰ অধিনায়কৰ লগতে বহু গণ্য মান্য লোক।
/asomiyapratidin/media/post_attachments/3f6fd378-690.png)
উল্লেখ্য যে, পানবাৰীস্থিত এই ২০ সংখ্যক আৰক্ষী বাহিনীটোৱে সমগ্ৰ ধুবুৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আইন-শৃংখলা ৰক্ষাৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজিৰ এই বিশেষ দিনটোত বাহিনীটোৰ শীৰ্ষ বিষয়াসকলে জোৱানসকলক নিষ্ঠা আৰু সততাৰে দেশৰ সেৱা কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/01d84562-ff9.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us