/asomiyapratidin/media/media_files/2025/11/10/181-2025-11-10-09-47-16.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : গৌৰীপুৰ বিধানসভা সমষ্টিৰ আলমগঞ্জ ৪ৰ্থ খণ্ড গাঁওত টিপকাই নদীয়ে কালৰূপ ধাৰণ কৰাৰ ফলত নদীখনৰ গঢ়া চপৰা চপৰে খহি গৈছে। ফলত বহু কেইটা পৰিয়ালৰ ঘৰ-বাঢ়িৰ লগতে খেতি পথাৰ জাহ যোৱাৰ পিছতো ধুবুৰী জল সম্পদ বিভাগ,স্থানীয় সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক নিজাণুৰ ৰহমানে গড়াখহনীয়া ৰোধ কৰাৰ বাবে কোনো পদক্ষেপ নোলোৱাত স্থানীয় ৰাইজৰ সহযোগত সদৌ অসম গৰীয়া, মৰীয়া,দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত টিপকাই নদীৰ পাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ, জল সম্পদ বিভাগ ,স্থানীয় সাংসদ, বিধায়কক তীব্ৰ সমালোচনা কৰে। তেওঁলোকে কয় যে অতি সোনকালে এই গড়াখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক।
অন্যথা সংগঠনটোৱে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us