/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/414b6e37-ca1c-40c5-bf2c-5b4b8c89274d.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ অন্যতম নগৰ গৌৰীপুৰ সৌন্দৰ্য অটুট ৰাখি নগৰখন পৰিস্কাৰ কৰি ৰাখিবৰ বাবে গৌৰীপুৰ পৌৰসভাই শুকুৰবাৰে ঘৰে ঘৰে গৈ পৌৰসভাৰ কৰ্মিসকলে জাবৰ সমূহ সংগ্ৰহ কৰিবৰ বাবে তিনিচকীয়া যানৰ শুভাৰম্ভণি কৰে । এই উদ্দেশ্যে গৌৰীপুৰ পুথিভঁড়াল প্ৰেক্ষাগৃহত এখনি সভাৰ আয়োজন কৰা হয় ।
সভাত সভাপতিত্ব কৰে গৌৰীপুৰ পৌৰসভাৰ সভানেত্ৰী ঝিমলি দত্ত। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গৌৰীপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত অনিমেষ তালুকদাৰে । সভাত পৌৰসভাৰ কেউতা ৱাৰ্ডৰ সদস্য সকল , ধুবুৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ডাঃ দেৱময় সান্যাল ,বিশিষ্ট সমাজ কৰ্মী প্ৰবীৰ বৰুৱা , ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া জিতেন কুমাৰ দাস , গৌৰীপুৰৰ সংবাদ কৰ্মী সকল , অন্যান্য বিশিষ্ট ব্যক্তি সকলৰ লগতে স্হানীয় ব্যক্তি সকল উপস্হিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/4bea4a78-2c0d-4c10-839a-78b10fcab77c-1024x768.jpg)
সভাৰ মুখ্য অতিথি জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীয়ে সকলো গৌৰীপুৰৰ ৰাইজক স্বচ্ছতা বজাই ৰাখি নগৰ খনক আটক ধুনীয়া কৰি ৰাখিবৰ বাবে আহ্বান জনায় । স্হানীয় সচেতন যুৱক তথা সংবাদ কৰ্মী ৰাজীৱ শৰ্মাই অসমৰ অন্যতম ধুনীয়া নগৰ খনক সকলো গৌৰীপুৰ বাসী ৰাইজে স্বচ্ছতাৰে ৰাখি ইয়াৰ মান অটুত ৰাখিবৰ বাবে অনুৰোধ জনায় । ধুবুৰী জিলা সাংবাদিক পৰিষদৰ সম্পাদক সংবাদ কৰ্মী প্ৰণৱাশিষ ৰয় , ডাঃ দেৱময় সান্যালেও ভাষণ প্ৰসংগত গৌৰীপুৰৰ স্বচ্ছতাৰ বাবে সকলো ৰাইজক আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/9228401c-17c4-4142-ba64-41575c5d6715-1024x768.jpg)
সভাৰ অন্তত জাঁৱৰ সংগ্ৰহৰ বাবে তিনিচকীয়া যান ফ্লেগ জোকাৰি নিজে কিছুদুৰ চলাই শুভ উদ্বোধন কৰে ।ইয়াৰ পাছতে স্থানীয় ৰাইজ সংবাদ কৰ্মী সকল লগত পৌৰসভাৰ কৰ্মী সকলক লগত লৈ স্বচছতাৰ সজাগতাৰ বাবে নগৰৰ চাৰিওফালে এটা ৰেলী উলিয়াই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/414b6e37-ca1c-40c5-bf2c-5b4b8c89274d-1024x768.jpg)
এই ৰেলীত উপায়ুক্তই নিজেই অংশ গ্ৰহণ কৰি ব্যৱসায়ী সকলক জাঁৱৰ সমূহ নিৰ্দিষ্ট স্থানত জমা কৰি পৌৰকৰ্মী সকল নিয়ত সহায় কৰিবৰ বাবে আহ্বান জনায় । গৌৰীপুৰত যাত্ৰী সকলৰ সুবিধাৰ বাবে অতি সোনকালে সম্পৰ্ণ হৈ উঠা বাছ আস্হানৰ মুকলিৰ বাবে উপায়ুক্তই সংবাদ কৰ্মী সকলৰ লগত পৰিদৰ্শন কৰি ব্যৱস্হা গ্ৰহণৰ বাবে ৰাইজক অৱগত কৰে।