গৌৰীপুৰ আৰক্ষীৰ অভিযান : ছয় জুৱাৰীক আটক

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই ছয়জন জুৱাৰীক আটক কৰে।

author-image
Asomiya Pratidin
New Update
522

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই ছয়জন জুৱাৰীক আটক কৰে। জানিব পৰা মতে গোপন সুত্ৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাস, নগৰ উপ পৰিদৰ্শকৰ লগতে আৰক্ষীৰ ৰাইডিং দলে যৌথভাৱে নগৰখনৰ নমসুদ্ৰপাৰা অঞ্চলৰ পংকজ মালাকাৰৰ ঘৰত অভিযান চলায়।

পাছত জুৱা খেলি থকা অৱস্থাত জুৱাৰীক হাতে লোটে কৰায়ত্ত কৰে। ধৃত জুৱাৰী ক্ৰমে পংকজ মালাকাৰ,ৰাজু বিশ্বাস,পাৰ্থ দাস, আনন্দ পাল, তীৰ্থনাথ বিশ্বাস,বৃন্দা কৰ্মকাৰ।

আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা ২৬,৮০০ টকা,৫ টা মোবাইল ফোন আৰু ৩১২ খন তাচৰ বাণ্ডিল জব্দ কৰে বুলি জানিব পৰা গৈছে। পাছত আটকাধীন সকলোকে থানালৈ নি তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষী