/asomiyapratidin/media/media_files/2025/12/08/vgfgfgfg-2025-12-08-13-58-51.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ গৌৰীপুৰত অব্যাহত আছে জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গৌৰীপুৰ আৰক্ষীৰ জালত পৰিছে সাত জনকৈ জুৱাৰী। জুৱাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নগদ টকা, মোবাইল আৰু জুৱাৰ সা-সামগ্ৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/08/whatsapp-2025-12-08-14-02-11.jpeg)
প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে নিশা গৌৰীপুৰ থানাৰ অন্তৰ্গত বৰাইবাৰী ৪ৰ্থ খণ্ড গাঁৱৰ পানী যোগান আঁচনি বিল্ডিঙত গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই সাতজনকৈ আটক কৰিবলৈ সক্ষম হৈছে। ধৃত জুৱাৰী কেইজন ক্ৰমে- দিলোৱাৰ আলী, ছফিজুৰ শিকদাৰ, ৰেজাউল খান, ইলিয়াছ ৰহমান, ছপিয়ৰ ৰহমান, আলী হুছেইন আৰু আখতাৰ হুছেইন।
জুৱাৰী কেইজনৰ পৰা নগদ ৫,৪০০ টকা, সাতটা মোবাইল ফোন, জুৱাৰ ব্যৱহাৰ কৰা তাচপাত জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us