/asomiyapratidin/media/media_files/2026/01/23/1-2026-01-23-13-13-06.jpg)
ডিজিটেল ডেস্কঃ আজি নেতাজী সুভাস চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মজয়ন্তী তথা পৰাক্ৰম দিৱস। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ অৰ্থে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ গৌৰীপুৰ চহৰৰ ৪নং ৱাৰ্ডত গৌৰীপুৰ নেতাজী যুৱ মঞ্চৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী বীৰ নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে।
/asomiyapratidin/media/post_attachments/50de451d-108.png)
গৌৰীপুৰ চহৰৰ মাজ মজিয়াৰ ৪নং ৱাৰ্ডত অৱস্থিত নেতাজীৰ আৱক্ষ মূৰ্তিত মাল্য অৰ্পণ, চাকি ধূপ জ্বলাই গভীৰ শ্ৰদ্ধাঞ্জলি জনায় সংগঠনটোৰ নেতৃত্বৰ লগতে ৰাজনৈতিক,অৰাজনৈতিক সংগঠনৰ নেতা কৰ্মীয়ে।স্বাধীনতা সংগ্ৰামী নেতা গৰাকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই মহান নেতা গৰাকীৰ সংগ্ৰামী জীৱনৰ ওপৰত বহুল ভাৱে আলোকপাত কৰে বিভিন্নজনে ।
/asomiyapratidin/media/post_attachments/c8acdd27-804.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us