অবৈধ জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

হৰিয়াৰখুটি অঞ্চলত আৰক্ষীয়ে চলাইছিল অভিযান। দীৰ্ঘদিনৰ পৰাই গোপনে লাখ লাখ টকাৰ জুৱা খেল খেলাৰ অভিযোগ চক্ৰটোৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
new ap web 1 (21)

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ  জুৱা খেলৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সমান্তৰালকৈ  ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযান চলাই।  এই অভিযানত  আৰক্ষীয়ে  ৪টা জুৱাৰীক আটক কৰে।

WhatsApp Image 2025-11-25 at 2.13.52 PM

উল্লেখ্য যে,  প্ৰাপ্ত খবৰৰ ভিত্তিত হৰিয়াৰখুটি অঞ্চলত আৰক্ষীয়ে চলাইছিল অভিযান। ইপিনে দীৰ্ঘদিনৰ পৰাই চক্ৰটোৱে গোপনে লাখ লাখ টকাৰ জুৱা খেল খেলাৰ অভিযোগ উত্থাপন হৈছে। 

WhatsApp Image 2025-11-25 at 2.13.54 PM

তাৰোপৰি আটকাধীন জুৱাৰী কেইটা ছইফুল ৰহমান, ছাইদুল প্ৰধানী, মনিছুৰ ইছলাম, ছামিনুৰ ইছলাম বুলি জানিব পৰা  গৈছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা নগদ ধন আৰু জুৱা খেলৰ সামগ্ৰীও উদ্ধাৰ কৰিছে। 

WhatsApp Image 2025-11-25 at 2.13.52 PM

প্ৰাণিধানযোগ্য যে বৰ্তমানে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে। 

পৰ্বতঝোৰা জুৱাৰী জুৱা খেল