আগন্তুক বিধানসভা নিৰ্বাচনকলৈ গৌৰীপুৰ বিধানসভা সমষ্টিত তৎপৰ কংগ্ৰেছ দল

সমাগত ২০২৬ৰ বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই যুযুধান ৰূপ লৈছে ৰাজনৈতিক দলসমূহে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ৰ বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই যুযুধান ৰূপ লৈছে ৰাজনৈতিক দলসমূহে। মাটিয়াবাগত গৌৰীপুৰ বিধানসভা সমিষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আবুল মিঞাৰ নেতৃত্বত গৌৰীপুৰ সমষ্টি ভিত্তিত কৰ্মী সভা অনুষ্ঠিত হয়।bঅহা সপ্তাহত অনুষ্ঠিত হ'ব লগা গৌৰীপুৰ বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ বিশাল জনসভা সফল কৰি তুলিবলৈ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক কৰ্মী উপস্থিত থাকে কৰ্মী সভাত।

অহা নিৰ্বাচনত ৰাজ্যত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে প্ৰায় ৮০খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী সমষ্টিটোৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আবুল মিঞাৰ। ইপিনে যোৱা লোক সভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ পৰা জেষ্ঠ্য নেতা ৰকিবুল হুছেইনক প্ৰাৰ্থী প্ৰদান কৰাৰ পাছতেই গৌৰীপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আবুল মিঞাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল যদিও আকৌ কংগ্ৰেছ দলত যোগদান কৰি বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিছে।

সাংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন কৰাত নেতা গৰাকীয়ে মন্তব্য কৰি কয় যে- সেই সময়ত মই আবেগিক হৈ ভুল কৰিছিলোঁ আৰু সেই বিষয়ে সাংসদ ৰকিবুল হুছেইনৰ আৰু উৰ্ধতম নেতৃত্বত ওচৰত ক্ষমা বিচাৰিছো আৰু নেতৃত্বই ক্ষমা কৰি দলৰ কাম কৰিবলৈ নিৰ্দেশ দিছে সেই মতে দলৰ কাম কৰি আছো পুনৰ আপোনালোকৰ জৰিয়তে হৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰিছো বুলি মন্তব্য প্ৰকাশ কৰে।

গৌৰীপুৰ