/asomiyapratidin/media/media_files/2026/03/05/234-2026-03-05-15-50-54.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্রার্থিত্ব লাভ কৰাৰ পিছতেই বিধায়ক সবাহান আলী সৰকাৰ উপস্থিত হয় ঐতিহাসিক পানবাৰী মছজিদত। ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিত বিধায়ক সবাহান আলী সৰকাৰক কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাত বৃহস্পতিবাৰে বাঙালীপাৰাৰ পৰা বিশাল কাৰ ৰেলীৰে বিপুল আদৰণি জনায়।
বিশাল ৰেলীৰে বিধায়কগৰাকীয়ে ঐতিহাসিক পানবাৰী মছজিদত উপস্থিত হৈ আল্লাহৰ সুক্ৰিয়া আদায় কৰাৰ লগতে দোৱা প্ৰাৰ্থনা কৰে। বিধায়কগৰাকীক কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত এ আই চি চিৰ সভাপতি মল্লিকাঅৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে গৌৰীপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us