গৌৰীপুৰত কংগ্রেছ কৰ্মীৰ মাজত আনন্দ-উল্লাস...

মঙলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰা হয়। ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিত আব্দুছ সবাহান আলী সৰকাৰৰ নাম প্ৰকাশ পোৱাৰ পাছতে গৌৰীপুৰত কংগ্রেছ কৰ্মীৰ মাজত আনন্দ-উল্লাস।

author-image
Asomiya Pratidin
New Update
gauripurrrr

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ মঙলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰা হয়। ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিত আব্দুছ সবাহান আলী সৰকাৰৰ নাম প্ৰকাশ পোৱাৰ পাছতে গৌৰীপুৰত কংগ্রেছ কৰ্মীৰ মাজত আনন্দ-উল্লাস।

গৌৰীপুৰত আব্দুছ ছোবাহান আলী সৰকাৰক প্ৰাৰ্থী দিয়াত কংগ্ৰেছ কৰ্মীয়ে দলটোৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এইবাৰ গৌৰীপুৰত কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰে।

কংগ্ৰেছ কৰ্মীসকল মতে, গৌৰীপুৰ বিধানসভা সমষ্টিত বিগত ১০ বছৰে AIUDF দলৰ বিধায়ক নিজাণুৰ ৰহমানৰ দখলত আছে যদিও এইবাৰ AIUDF দলৰ কোনো ভেটি নাই গতিকে গৌৰীপুৰ সমষ্টিত কংগ্ৰেছে এনেই জিকিব আৰু কংগ্ৰেছৰ লগত কাৰো প্ৰতিদ্বন্দ্বিতা নহয় বুলি মন্তব্য কৰে।

কংগ্ৰেছ গৌৰীপুৰ