/asomiyapratidin/media/media_files/2025/10/13/sdfsddsdsdsds-2025-10-13-10-15-55.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ গৌৰীপুৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। আশাৰিকান্দি বজাৰত চোৰে চলালে চাফাই অভিযান। বজাৰ খনৰ দিলীপ বৰ্মন নামৰ গেলামাল দোকানী এজনৰ দোকানৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধনসহ বহু সামগ্ৰী।
দৰিদ্ৰ দিলীপ বৰ্মণে গেলামাল দোকানখন দি কোনো মতে নিজৰ পৰিয়াল পোহপাল দি আছিল। পিছে ৰাতি চোৰে দোকান খনৰ তলা ভাঙি জমা কৰি থোৱা খুচুৰা মুদ্ৰাকে ধৰি প্ৰায় ৪০হাজাৰ টকা আৰু বহু সামগ্ৰী চুৰি কৰি লৈ যোৱাত দোকানী গৰাকীয়ে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/13/whatsapp-image-2025-10-13-10-16-33.jpeg)
উপায় বিহীনহৈ দোকানী গৰাকীয়ে গৌৰীপুৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এজাহাৰ ভিক্তিত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষণীয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us