/asomiyapratidin/media/media_files/2025/10/03/whatsapp-image-2025-10-03-20-27-36.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত নাম সাঙোৰ খাই পৰা বহু বিতৰ্কিত সাংস্কৃতিক বেপাৰী শ্যামকানু মহন্তই নিজকে সাধুবাদ দিবলৈ উচ্চতম ন্যায়ালয়ত ৩০ ছেপ্টেম্বৰৰ বিয়লি যি লেখ আবেদন দাখিল কৰিছিল সেই আবেদন ৰাজকমল নামৰ এজন অধিবক্তাৰ জৰিয়তে কৰিছিল আৰু অসমৰ একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত অধিবক্তা ৰাজ কমলক কংগ্ৰেছ দলৰ সদস্য হিচাপে অপপ্ৰচাৰ চলোৱা হৈছিল।
কোনে আৰু কি উদ্দেশ্যত এই অপপ্ৰচাৰ চলাইছে সেই বিষয়ে অনুসন্ধান কৰাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে নিশ্চিত কৰে যে ৰাজ কমল নামৰ কোনো অধিবক্তা কংগ্ৰেছ দলৰ লগত জড়িত নহয়।
আজি এক বিবৃতিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কয়, 'শ্যামকানু মহন্তৰ হৈ ওকালতি কৰিব বুলি চৰ্চা হোৱা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰাজ কমল কংগ্ৰেছৰ সৈতে জড়িত নহয়। কংগ্ৰেছ দলৰ সৈতে ৰাজ কমলৰ সম্পৰ্ক নাই, সদস্য নহয়।
শ্যামকানু মহন্তৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হ'বলগীয়া অধিবক্তা ৰাজ কমল কংগ্ৰেছৰ নেতা বুলি প্ৰথমে কোনে বাতৰি প্ৰকাশ কৰিছিল সেই বিষয়ে ৰাইজে বিচাৰ কৰিব, ৰাইজে আলোচনা কৰা উচিত।’ - আজি শিৱসাগৰ যুৱদ’লত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ৯১ সংখ্যক জন্মজয়ন্তীৰ অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
তেওঁ এই সন্দৰ্ভত আৰু কয়, 'তদন্ত নকৰাকৈ কোনে কি স্বাৰ্থত এই বাতৰি কৰিলে সেয়া আমি নাজানো। যি সময়ত ৰাজ কমল পঞ্জাবত কংগ্ৰেছ নেতৃত্ব চৰকাৰৰ এডভোকেট জেনেৰেল আছিল, সেই সময়ত যিজন মুখ্যমন্ত্ৰী আছিল, তেওঁ আজি বিজেপিত আছে। কেপ্টেইন অমৰিন্দৰ সিং মুখ্যমন্ত্ৰী হৈ থকা কালত ৰাজ কমল ডেপুটি এডভোকেট জেনেৰেল আছিল। এতিয়া সেইজন মুখ্যমন্ত্ৰী বিজেপি দলত আছে। বিজেপি নেতাৰ গোচৰতো ৰাজ কমলে কাম কৰিছে। আমিও এনেধৰণৰ বহু অভিযোগ কৰিব পাৰো, কিন্তু কৰা নাই। আমি জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত বোকা ছটিওৱা ৰাজনীতি কৰিব বিচৰা নাই। যিসকলে মানুহৰ মাজত বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰিছে তেওঁলোকৰহে ক্ষতি হ'ব, আমাৰ একো নহয়। আমাৰ দাবী স্পষ্ট, তদন্ত সোনকালে আৰু ভালদৰে হওক।'
ইয়াৰ উপৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতক ঘটনাৰ দিনাই গ্ৰেপ্তাৰ কৰিব লাগিছিল যদিও তেনে নকৰি গ্ৰেপ্তাৰত বহু পলম কৰিলে বুলি সমালোচনা কৰে গৌৰৱ গগৈয়ে।
তেওঁ কয়, 'শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰত বহু পলম হোৱা বাবেই জুবিন অনুৰাগীসকল ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছিল। বহু আৱেগিক জুবিন অনুৰাগীয়ে ৰাজপথলৈ ওলাই প্ৰতিবাদ কৰিলেও কোনো হিংসাৰ আশ্ৰয় লোৱা নাছিল। অথচ এইসকল অনুৰাগীৰে বহু অনুৰাগীক এনএছএ লগাই আৰক্ষীয়ে জে’লত ভৰাই থৈছে। ভিক্টৰ দাস, অজয় ফুকনহঁতে জুবিনদাৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাইছিল। গতিকে তেওঁলোকৰ ওপৰত আৰোপ কৰা এনএছএ উঠাই ল'ব লাগে।’ আনহাতে, শ্যামকানু মহন্তহঁতক গ্ৰেপ্তাৰত পলম হোৱা বাবেই তথ্য-প্ৰমাণ নষ্ট কৰাৰো শংকা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।
বিশেষকৈ জুবিন গাৰ্গৰ ম'বাইলটোও উদ্ধাৰ কৰিবলৈ ১৩ দিন সময় লোৱা বিষয়টোক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ইফালে, আজি অসমৰ ৩ খন জিলা ক্ৰমে শিৱসাগৰ, নগাঁও আৰু শোণিতপুৰত ৰাইজৰ সহযোগত কংগ্ৰেছ নেতা-কৰ্মীসকলে জুবিনৰ হত্যাৰ ন্যায় প্ৰাপ্তিৰ বাবে মমবাতি জ্বলাই শান্তি সমদল কৰে।
শিৱসাগৰ জিলাৰ এই সমদলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই অংশগ্ৰহণ কৰে। কেইবাশ লোকৰ এই সমদলত ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক আৰু উচিত তদন্তৰ দাবী কৰে। ইফালে, নগাঁও জিলাত আজি ৰাইজৰ সহযোগত মমবাতি জ্বলাই শান্তি সমদল কৰা হয়।
এই সমদলত সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। বিধায়ক শিৱামণি বৰা আৰু নুৰুল হুদাও সমদলত উপস্থিত থাকে। অনুৰূপ ধৰণে, শোণিতপুৰ জিলাতো জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাৰ নেতৃত্বত হাজাৰ হাজাৰ লোকে শান্তি সমদলত অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মীৰ তত্ত্বাৱধানত এই শান্তি সমদল অনুষ্ঠিত হয়।
অহা ৪ অক্টোবৰ, শনিবাৰে চৰাইদেউ, হোজাই আৰু শিলচৰত মমবাতি জ্বলাই জাষ্টিচ ফ’ৰ জুবিন শ্ল’গানেৰে শান্তি সমদল উলিওৱা হ’ব। এই সমদলত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতা-কৰ্মীয়ে। ৫ অক্টোবৰত গোলাঘাট, বৰপেটা, বঙাইগাঁও, ৭ অক্টোবৰত কামৰূপ, ধেমাজি, মৰিগাঁও, ডিব্ৰুগড় আৰু বিশ্বনাথ চাৰিআলিত জুবিনৰ হত্যাৰ ন্যায় বিচাৰি শান্তি সমদল যাত্ৰা উলিওৱা হ’ব।