গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক বিষয়টো স্পৰ্শকাতৰ আৰু উদ্ৰেগজনক আখ্যা জ্যেষ্ঠ অধিবক্তাৰ

অধিবক্তা বিজন মহাজনে ক'লে- মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উত্থাপন কৰা গৌৰৱকেন্দ্ৰিক বিষয়টো সংবেদশীল আৰু চিন্তনীয় ৷ ভাৰতত থাকি পাকিস্তানৰ NGOৰ পৰা দৰমহা লোৱাতো গ্ৰহনযোগ্য নহয় ৷

author-image
Asomiya Pratidin
New Update
71

ডিজিটেল সংবাদ, গুৱাহাটী : গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তথ্যসহকাৰে ফাদিল কৰিলে দেওবাৰে ৷ মুখ্যমন্ত্ৰীৰ অভিযোগসমূহক লৈ সমগ্ৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বুলি মন্তব্য কৰে তিনিগৰাকী জ্যেষ্ঠ অধিবক্তাই ৷

অধিবক্তা বিজন মহাজনে কয়- মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উত্থাপন কৰা গৌৰৱকেন্দ্ৰিক বিষয়টো সংবেদশীল আৰু চিন্তনীয় ৷ ভাৰতত থাকি পাকিস্তানৰ NGOৰ পৰা দৰমহা লোৱাতো গ্ৰহনযোগ্য নহয় ৷

এখন শত্ৰুৰাষ্ট্ৰ পৰা অহা পুঁজিৰ পৰা ভাৰতত দৰমহা লোৱাতোৱে ভাৰতীয় সংবিধান উলংঘা কৰাটোকে বুজাই ৷ গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে আইনগত ব্যৱস্থাৰ সন্মুখীন হ'ব ৷ গতিকে বিষয়টো যিহেতু চাব কেন্দ্ৰীয় গৃহ বিভাগে ৷ কিন্তু এগৰাকী সাংসদৰ পত্নীয়ে পাকিস্তানৰ লগত এইদৰে সম্পৰ্ক ৰখা কাৰ্য কিন্তু অতি দূৰ্ভাগ্যজনক বুলি কয় বিজন মহাজনে ৷

অধিবক্তা জীতেন পায়েঙৰ মন্তব্য...

অধিবক্তা জীতেন পায়েঙে কয়- মুখ্যমন্ত্ৰীয়ে অনা অভিযোগ সমূহ অতি চিন্তনীয় ৷ ভাৰতৰ নিৰাপত্তাৰ বিষয় জড়িত থকা তথ্য পাকিস্তানক দিয়া কামটো কেতিয়াও গ্ৰহনযোগ্য নহয় ৷ তেওঁ লগতে কয়-  মুখ্যমন্ত্ৰীয়ে তুলা অভিযোগৰ স্পষ্টীকৰণ দিয়ক গৌৰৱ গগৈয়ে ৷ তেতিয়া অসমৰ মানুহে বুজিব ৷

যদি নোৱাৰে তেন্তে তেওঁ যে ভাৰতবিৰোধী চক্ৰৰ লগত জড়িত সেইটো নিশ্চিত ৷ গতিকে ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহনৰ সকলো সুবিধা আছে চৰকাৰৰ ৷ গৌৰৱ গগৈৰ বিষয়টোক লৈ মন্তব্য কৰিলে অধিবক্তা বংকিম শৰ্মায়েও ৷ তেওঁ কয় গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক থকা কথাটোত আইনী অনুসন্ধানৰ প্ৰয়োজন আছে ৷ 

তেওঁ পাকিস্তানলৈ যোৱাটোৱেই আশ্বৰ্যজনক কথা ৷ কিয় গ'ল, কাৰ লগত গ'ল সকলো আৰু তদন্ত হ'ব লাগে ৷ এই সকলোবোৰ কথা দেশবাশীয়ে গম পাব লাগিব ৷ তেওঁ পাকিস্তানৰ পৰা আহি সদনত আহি নিৰাপত্তাৰ বিষয়ত প্ৰশ্ন কৰিছিল ৷ তাৰো তদন্ত হব লাগে বুলি কলে অধিবক্তা বংকিম শৰ্মাই ৷

গৌৰৱ গগৈ