বিটিআৰত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা

বিটিআৰত কংগ্ৰেছ দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। থুৰিবাৰী সমষ্টিত ভোটাৰক আকৰ্ষণ কৰিবলৈ কবিতা আবৃত্তি আৰু গানেৰে নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ দলে। 

author-image
Asomiya Pratidin
New Update
edfedesds

ডিজিটেল সংবাদ, সৰভোগঃ বিটিআৰত কংগ্ৰেছ দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। থুৰিবাৰী সমষ্টিত ভোটাৰক আকৰ্ষণ কৰিবলৈ কবিতা আবৃত্তি আৰু গানেৰে নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ দলে। 

১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জমশেৰ আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, বৰপেটা প্ৰাক্তন সাংসদ আব্দুল খালেক, বিধায়ক আব্দুল ৰশিদ  মণ্ডল, বিধায়ক আব্দুল বাতেন খন্দকাৰ, চকচকা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কল্যাণ দাসে। থুৰিবাৰী সমষ্টিৰ ৩ নং গৰৈমাৰীত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা, হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক তীব্ৰ বাক্যৰে সমালোচনা কৰে গৌৰৱ গগৈয়ে । 

২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব পাৰিলে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে। আনহাতে, নিৰ্বাচনী সভাত জনতাৰ সমাগম দেখি জমশেৰ আলীৰ জয় নিশ্চিত হৈ পৰিছে বুলিও উল্লেখ কৰে গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈ