/asomiyapratidin/media/media_files/2025/10/24/ujjjjdd-2025-10-24-20-29-12.jpg)
ডিজিটেল ডেস্কঃ চৰকাৰে জুবিন ক্ষেত্ৰক লৈ জাৰি কৰা এছ অ পিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এনে পৰিস্থিতিৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ২৪অক্টোবৰ, ২০২৫ৰ নিশা ১০বজাত জুবিন ক্ষেত্ৰলৈ যোৱাৰ কথা ঘোষণা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, জুবিন ক্ষেত্ৰলৈ যোৱাৰ সময় বান্ধি দিছিল চৰকাৰে। চৰকাৰী এই সময় আছিল পুৱা ৬বজাৰ পৰা নিশা ১০বজালৈ। কিন্তু গৌৰৱ গগৈয়ে চৰকাৰক প্ৰত্যাহ্বান জনাই ১০বজাৰ পিছত জুবিন ক্ষেত্ৰলৈ যোৱাৰ কথা ৰাজহুৱা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, জুবিন ক্ষেত্ৰৰ পৰিদৰ্শনৰ সময়সীমা নিশা ১২বজালৈকে বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীক মুকলি চিঠিৰ জৰিয়তে আহ্বান জনাইছে জুবিন ফেন ক্লাৱেও।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us