/asomiyapratidin/media/media_files/2026/02/15/whatsapp-2026-02-15-08-52-29.jpeg)
ডিজিটেল ডেস্কঃ শনিবাৰে ডিব্ৰুগড়ৰ মৰাণ বাইপাছত উত্তৰ-পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ উদ্বোধন কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈক পুনৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ। মৰাণৰ Emergency Landing Facilityলৈ গৌৰৱ গগৈয়ে কৰা উপলুঙা মন্তব্যৰ পাছতেই তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ।
/asomiyapratidin/media/post_attachments/a15088b3-9f1.jpg)
মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে- '' গৌৰৱ গগৈৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই। তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথা বুজি নাপায়। সেইবাবেই গৌৰৱে Emergency Landing Facilityক সমালোচনা কৰিছে। গৌৰৱ গগৈৰ মতে মৰাণৰ ৰাজপথ তথা ELF উন্নয়নৰ চিন নহয়। গৌৰৱ গগৈয়ে কৈছিল যে - দিল্লীলৈ বিমানৰ ভাড়া ১৮-২০হাজাৰ, এয়া কি উন্নয়ন। বিমান বন্দৰত একাপ চাহৰ দাম ১০০-১৫০ টকা হোৱাটো উন্নয়ন নেকি বুলিও প্ৰশ্ন কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথা বুজি নাপাব। এই কথা বুজিবলৈ ভাৰতৰ সন্তান হ’ব লাগিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/15/whatsapp-ima-2026-02-15-08-51-35.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us