/asomiyapratidin/media/media_files/2026/01/27/grdgretefre-2026-01-27-22-24-44.jpg)
ডিজিটেল ডেস্কঃ প্ৰদেশ কংগ্ৰেছৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত গঠন কৰা বিশেষ তদন্ত দল (SIT)-ৰ প্ৰতিবেদন ইতিমধ্যে সাজু হৈ উঠিছে। মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই বিষয়ে বিস্তৃত তথ্য ৰাজহুৱা কৰে।
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰী কৰে যে, আলী তৌকিৰ শ্বেখৰ গোচৰ সংক্ৰান্তত গঠন কৰা SITৰ প্ৰতিবেদন আজি কেবিনেটত আলোচনা কৰা হৈছে। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে অহা ৭ ফেব্ৰুৱাৰীৰ কেবিনেট বৈঠকত এই বিষয়টো আনুষ্ঠানিকভাৱে উত্থাপন কৰিব লাগিব। লগতে ৮ ফেব্ৰুৱাৰীত দিনৰ ১০.৩০ বজাত সংবাদমেলৰ জৰিয়তে SITৰ প্ৰতিবেদন যিমানখিনি সম্ভৱ ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে।
মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে, এই গোচৰটোত গৌৰৱ গগৈৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। ৭ তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে আনুষ্ঠানিক Cabinet Memorandum কেবিনেটত উত্থাপন কৰিব। ইয়াৰ পাছত ৮ ফেব্ৰুৱাৰী, দেওবাৰে দিনৰ ১০.৩০ বজাত লোকসেৱা ভৱনত অনুষ্ঠিত হ’বলগীয়া সংবাদমেলত SITৰ প্ৰতিবেদন বা Cabinet Memorandumৰ যিখিনি গোপনীয় তথ্য নহয়, সেই সকলোখিনি ৰাজহুৱা কৰা হ’ব। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক উপস্থিত থাকিবলৈ ইচ্ছুক হ’লে প্ৰয়োজনীয় ব্যৱস্থাও কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
এই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে, SITয়ে তিনিগৰাকী ব্যক্তিৰ পাকিস্তানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ অভিযোগৰ প্ৰমাণ কেবিনেটত প্ৰেজেণ্টেচনৰ জৰিয়তে দাখিল কৰিছে। এই তিনিগৰাকী হৈছে—আলী তৌকিৰ শ্বেখ, সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ নিজে। মুখ্যমন্ত্ৰীয়ে কয়, এই প্ৰেজেণ্টেচন পাই কেবিনেট মন্ত্ৰীসকল যথেষ্ট আচৰিত হৈছে। যদিও এই পৰ্যায়ত অধিক মন্তব্য কৰিব খোজা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আনুষ্ঠানিক Cabinet Memorandum ৭ তাৰিখে আহিব।
ড° শৰ্মাই লগতে মন্তব্য কৰে যে, ‘‘তৰুণ গগৈৰ পুত্ৰই এই পৰ্যায়লৈ কেনেকৈ যাব পাৰিলে সেইটো লৈ আমাৰো গভীৰ চিন্তা হৈছে। নিৰ্বাচনৰ সময়ত কিছুমানে তেওঁলোকৰ পক্ষ লৈ কথা ক’ব পাৰে। কিন্তু সাধাৰণ নাগৰিকৰ বাবে এই প্ৰতিবেদন যথেষ্ট আচৰিত আৰু গুৰুত্বপূৰ্ণ হ’ব। টক শ্ব’ত কি আলোচনা হ’ব মই ক’ব নোৱাৰোঁ, কিন্তু সাধাৰণ মানুহৰ বাবে এইটো এক স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ ডকুমেণ্ট হ’ব। ৮ ফেব্ৰুৱাৰীত এই বিষয়টোৰ আমি যৱনিকা পেলাম। তাৰ পিছত ভাৰত চৰকাৰে যি সিদ্ধান্ত ল’ব, সেই অনুসাৰেই আগবঢ়া হ’ব।’’
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us