/asomiyapratidin/media/media_files/2026/02/01/gauravgogoiopudlfkjsdlkfjsdekjdfkdfkjsdeokfgjoiksdfjjlksdfgdfg-2026-02-01-20-11-49.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত দাখিল কৰিলে সাধাৰণ বাজেট ২০২৬-২৭। এই বাজেটৰ বিৰোধিতা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বাজেটখনক তীব্ৰ সমালোচনা কৰি কয় যে- কেন্দ্ৰীয় বাজেট ২০২৬–২৭ হৈছে কেৱল এখন “টেমপ্লেট বাজেট”, য’ত পৰিৱৰ্তনশীল বৈশ্বিক পৰিস্থিতিৰ প্ৰতি কোনো বাস্তৱ দৃষ্টিভংগী নাই।
বাজেট ২০২৬–২৭ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছ’চিয়েল মিডিয়াত এইদৰে কয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। বাজেটে চৰকাৰৰ আত্মসন্তুষ্টি আৰু দায়িত্বহীন মানসিকতাক প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে- যি সময়ত বিশ্ব অৰ্থনীতি দৃঢ় পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে, সেই সময়ত এই বাজেটে দেশবাসীক কোনো স্পষ্ট ৰোডমেপ দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
বাজেটখনৰ বৈশিষ্ট্য সন্দৰ্ভত মন্তব্য কৰি গগৈয়ে কয়- যদি নিৰ্বাচনী বছৰ হ’লেহেঁতেন, তেন্তে বিজেপিয়ে নিশ্চয় এখন আগ্ৰাসী বাজেট আগবঢ়াই দীৰ্ঘম্যাদী সংস্কাৰৰ কথা ক’লেহেঁতেন। কিন্তু বৰ্তমানৰ বাজেটখনত সেই সাহস বা দূৰদৰ্শিতা দেখা নাযায়। এই বাজেটখনলৈ চালে পৰৱৰ্তী তিনিটা বছৰ ক্ষমতাত থাকি কেৱল সময় পাৰ কৰাৰ মানসিকতা লৈ আগবঢ়াতো স্পষ্ট হৈ পৰে বুলিও গগৈয়ে কয়।
তেওঁ লগতে কয়- বাজেটত গঠনমূলক ৰূপান্তৰৰ কোনো উচ্চাকাংক্ষা নাই। বৰঞ্চ নিৰ্বাচিত কিছুমান কৰ্প’ৰেট বন্ধু আৰু বৃহৎ ব্যৱসায়িক স্বাৰ্থৰ বাবে আৰামদায়ক ব্যৱস্থা নিশ্চিত কৰাটোৱেই বাটেজৰ মুখ্য লক্ষ্য যেন অনুভৱ হয়। গৌৰৱ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ প্ৰসংগ উল্লেখ কৰি কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, চীন আৰু জাপানৰ দৰে দেশসমূহে দীৰ্ঘম্যাদী সংস্কাৰৰ জৰিয়তে নিজৰ দেশীয় অৰ্থনীতি শক্তিশালী কৰিবলৈ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু ভাৰতবাসীয়ে এই বাজেটৰ জৰিয়তে সংকল্প বা দিশনির্দেশ নহয়, বৰঞ্চ দ্বিধা, সংশয় আৰু উদ্বেগৰহে সন্মুখীন হ’ব লাগিব।
দেওবাৰে দাখিল কৰা কেন্দ্ৰীয় বাজেটখনে দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিবলৈ ব্যৰ্থ হৈছে আৰু ই বিজেপি চৰকাৰৰ দূৰদৰ্শিতাৰ অভাৱক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে বুলিও সামাজিক মাধ্যমত উল্লেখ কৰিছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us