বিজেপিৰ বেয়া দিন আৰম্ভ হৈছেঃ গৌৰৱ গগৈ

বৃহস্পতিবাৰে শিৱসাগৰত কুৰিৰো অধিক সামাজিক সংগঠন আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

author-image
Asomiya Pratidin
New Update
rtesrsxdsfew

ডিজিটেল সংবাদ, শিৱসাগৰঃ বৃহস্পতিবাৰে শিৱসাগৰত কুৰিৰো অধিক সামাজিক সংগঠন আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শাসকীয় দল বিজেপিক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। ভোটাৰ তালিকাক কেন্দ্ৰ কৰি অসমত বিজেপিয়ে গভীৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈয়ে কয় যে, বহিৰাজ্যৰ পৰা ভোটাৰ আনি অসমৰ প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰাৰ প্ৰচেষ্টা চলাইছে বিজেপিয়ে।

গৌৰৱ গগৈয়ে স্পষ্ট ভাষাত উল্লেখ কৰে যে, “ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা, বিবেকবান ভোট নোহোৱা কৰিবলৈ অশোক সিংঘলক নিৰ্দেশ দিছে।” তেওঁৰ মতে, এইক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংঘলেই “মূল খলনায়ক”।

ইফালে, ভোটাৰৰ অধিকাৰ ৰক্ষা কৰিবলৈ ৰাইজক একত্ৰিত হ’বলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈও প্ৰশ্ন তোলে। তেওঁ মন্তব্য কৰে যে, ভোটাৰ তালিকাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগিছিল, কিন্তু তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। বিজেপি যদি ইমানেই জনপ্ৰিয় হয়, তেন্তে বাহিৰৰ পৰা ভোটাৰ আনিব বিচাৰিছে কিয় বুলি তেওঁ প্ৰশ্ন কৰে আৰু ভোটাৰ তালিকাৰ বিষয়ত বিজেপিক প্ৰশ্ন কৰিবলৈ ৰাইজক আহ্বান জনায়।

গৌৰৱ গগৈয়ে লগতে মন্তব্য কৰে যে, বিগত ৭-৮ মাহ ধৰি বিজেপিৰ “বেয়া দিন” আৰম্ভ হৈছে। বিজেপিৰ ভিতৰত সোমাই থকা গৰু চোৰ, চাউল চোৰ আদি দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে বুলি তেওঁ দাবী কৰে। বৰাক অঞ্চলৰ দুগৰাকী বিজেপি বিধায়কে নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, বিজেপিৰ লক্ষণ একেবাৰে ভাল নহয় আৰু দলটোৰ পতনৰ মূল কাৰণ হ’ব ড° হিমন্ত বিশ্ব শৰ্মা নিজেই।

WhatsApp Image 2026-01-08 at 6.31.23 PM

আনহাতে, আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত সাংসদ গৰাকীয়ে কয়, “এইবাৰ নিৰ্বাচন দলৰ মাজত নহয়, ড° হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজতহে হ’ব।” অসমৰ ৰাইজে সমগ্ৰ দেশবাসীক এটা সু-বাৰ্তা দিব বুলিও তেওঁ ব্যক্ত কৰে।

ইফালে, ৰাইজে দলে বিচৰা আসন নিদিলে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ ইংগিত অখিল গগৈয়ে দিয়া সন্দৰ্ভত গৌৰৱ গগৈয়ে কৌশলী প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, অসমৰ জনসাধাৰণে কংগ্ৰেছ আৰু মিত্ৰদলসমূহৰ মাজত এশ শতাংশ মিত্ৰতা বিচাৰে। ১২৬টা সমষ্টিত তিনিচাৰিজনকৈ প্ৰাৰ্থী থাকিলেও কংগ্ৰেছে ২৬টা সমষ্টিত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

বিজেপি-অগপৰ মাজত আসনৰ নিশ্চিত ভাগ-বতৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি গৌৰৱ গগৈয়ে কয় যে, অমিত শ্বাহৰ বাবেই সৰ্বানন্দ সোণোৱাল আজিও মুখ্যমন্ত্ৰী হ’ব পৰা নাই। তেওঁৰ মতে, মুখ্যমন্ত্ৰীৰ গুৰুত্ব দিনে দিনে হ্ৰাস পাইছে আৰু বিজেপি-অগপৰ মাজতো তীব্ৰ মতানৈক্য চলি আছে।

লগতে, “জাতি-মাটি ৰক্ষাৰ পিছত এইবাৰ ভোট বচাওক মামা-মামীৰ পৰা,” — এই ভাষ্যৰে তেওঁ ড° হিমন্ত বিশ্ব শৰ্মা শংকিত বুলি মন্তব্য কৰি কয় যে, অহা নিৰ্বাচনৰ পিছত তেওঁ মুখ্যমন্ত্ৰীৰ চকীত নাথাকিব। এই সংবাদমেলত কংগ্ৰেছ নেত্ৰী ৰৌজলিনা টিৰ্কি, জিলা সভাপতি অজয় গগৈ, এ পি চি চিৰ সম্পাদক শুভ্ৰমিত্ৰ গগৈসহ কেইবাগৰাকী দলীয় বিষয়ববীয়া উপস্থিত থাকে।

গৌৰৱ গগৈ