ড° হিমন্ত বিশ্ব শৰ্মাক গৃহবিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ দাবী গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণলৈ অহাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে তেখেতক উদ্দেশ্যি সামাজিক মাধ্যমত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

author-image
Asomiya Pratidin
New Update
SDSDSEDSD

ডিজিটেল সংবাদ, গুৱাহাটীঃ অহা ১৩ আৰু ১৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণলৈ অহাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে তেখেতক উদ্দেশ্যি সামাজিক মাধ্যমত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।

গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীক সোঁৱৰাই উল্লেখ কৰে যে, ২০১৪ চনত শাসনলৈ আহিলেই আহোম, মৰাণ, মটক, চাহ-জনগোষ্ঠী, চুতীয়া আৰু কোচ ৰাজবংশী এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু, শাসনলৈ অহাৰ ১১ বছৰ অতিক্ৰম হোৱাৰ পাছতো সেই প্ৰতিশ্ৰুতি আজিও পূৰণ নহোৱাটো অসমৰ জনতাক হতাশ কৰিছে বুলি তেওঁ মন্তব্য কৰে।

আনহাতে,সম্প্ৰতি জনজাতিকৰণৰ দাবী লৈ ৰাজ্যজুৰি চলি থকা প্ৰতিবাদৰ প্রসঙ্গতো গগৈয়ে প্ৰধানমন্ত্ৰীক সোঁৱৰাই কয় যে, জনজাতিকৰণৰ দাবীত ৰাজপথত নামি অহা ৰাইজক দমন কৰিবলৈ বুধবাৰে ধুবুৰীৰ গোলকগঞ্জত আৰক্ষীয়ে বৰ্বৰ লাঠিচাৰ্জ কৰে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গৃহবিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰো দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

ইফালে, তিনিচুকীয়া জিলাতো মৰাণ জনগোষ্ঠীয় হাজাৰ হাজাৰ লোকে জনজাতিকৰণৰ দাবীত প্ৰতিবাদী সমদল উলিয়াইছে। গগৈয়ে কয় যে, অসমৰ যুৱসমাজ আৰু সাধাৰণ ৰাইজ আজি প্ৰতিবাদমুখৰ হোৱাৰ মূল কাৰণ হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণত কৰা অবহেলা। প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণৰ সময়ত বিজেপিৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈ