বিমানবন্দৰৰ অচলাৱস্থা সন্দৰ্ভত সংসদত প্ৰশ্ন উত্থাপন গৌৰৱ গগৈৰ

দেশৰ বিমানবন্দৰসমূহত বিগত কিছুদিন ধৰি অব্যাহত থকা অচলাৱস্থাৰ বিষয়ে সংসদত প্ৰশ্ন উত্থাপন কৰি  চৰকাৰক জবাবদিহি কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, সাংসদ গৌৰৱ গগৈয়ে।

author-image
Asomiya Pratidin
New Update
vdfdfdfdf

ডিজিটেল ডেস্কঃ দেশৰ বিমানবন্দৰসমূহত বিগত কিছুদিন ধৰি অব্যাহত থকা অচলাৱস্থাৰ বিষয়ে সংসদত প্ৰশ্ন উত্থাপন কৰি  চৰকাৰক জবাবদিহি কৰে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, সাংসদ গৌৰৱ গগৈয়ে। বিমান যাত্ৰীসকলে সন্মুখীন হোৱা চৰম দুৰ্ভোগৰ প্ৰসংগ উল্লেখ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে অসামৰিক বিমান পৰিবহণ মন্ত্ৰীক সমগ্ৰ বিষয় সন্দৰ্ভত দেশৰ জনতাক সবিশেষ জনাবলৈ আহ্বান জনায়।

সংসদত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে, ''বিগত কিছুদিন ধৰি কি কাৰণত সমগ্ৰ দেশৰ বিমানবন্দৰসমূহত যাত্ৰীয়ে জীয়াতু ভুগিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’বলৈ পালে সেয়া দেশৰ জনতাক জনাবলৈ চৰকাৰ, বিশেষকৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰীক আহ্বান জনাইছো।’’

সাংসদগৰাকীয়ে লগতে উল্লেখ কৰে যে, ''এইকেইদিন যমৰ যাতনা সহ্য কৰিবলগীয়া হোৱা যাত্ৰীসকলৰ ভিতৰত বহু ডায়ালাইছিছ ৰোগীও আছে। কাৰোবাৰ ঘৰত বিয়া আছে, কোনোৱে আকৌ আপোনাজনৰ খা-খবৰ ল’বলৈ গৈছে। মুঠতে আজি পৰ্যন্ত বিমানবন্দৰসমূহত অৰাজক পৰিস্থিতি বিৰাজমান। ভূতৰ ওপৰত দানহৰ দৰে জনতাই সময়ৰ লগতে কষ্টোপাৰ্জিত ধন অবাবত হেৰুৱাবলগীয়া হৈছে।’’ সমগ্ৰ বিষয় সন্দৰ্ভত অচিৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় গৌৰৱ গগৈয়ে। 

গৌৰৱ গগৈ