অচিৰেই হ'ব ফাদিল! কংগ্ৰেছৰ কোন কোন লোকে গৌৰৱ গগৈক আক্ৰমণৰ পৰিকল্পনা কৰিছিল...

গৌৰৱ গগৈৰ নিৰাপত্তা কিয় বৃদ্ধি কৰা হ'ল তাৰ কাৰণ ইতিমধ্যে বাখ্যা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  ৩গৰাকী দেহৰক্ষীসহ এচকৰ্ট প্ৰদান কৰা গৌৰৱ গগৈক আক্ৰমণ বাবে কংগ্ৰেছৰ পৰাই ষড়যন্ত্ৰ কৰা হৈছিল বুলি

author-image
Asomiya Pratidin
New Update
didjss

ডিজিটেল ডেস্কঃ গৌৰৱ গগৈৰ নিৰাপত্তা কিয় বৃদ্ধি কৰা হ'ল তাৰ কাৰণ ইতিমধ্যে বাখ্যা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  ৩গৰাকী দেহৰক্ষীসহ এচকৰ্ট প্ৰদান কৰা গৌৰৱ গগৈক আক্ৰমণ বাবে কংগ্ৰেছৰ পৰাই ষড়যন্ত্ৰ কৰা হৈছিল বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিৰ্বাচনৰ আগত ৰে'লী নাইবা অন্য কোনো অনুষ্ঠানত গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছৰ লোকে নিজেই আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কংগ্ৰেছে কৰিছিল বুলি আৰক্ষীয়ে প্ৰমাণ পাইছে। দিছপুৰ আৰক্ষীয়ে এগৰাকী বিশেষ লোকৰ এজাহাৰৰ ভিত্তিত এজন লোকক গ্ৰেপ্তাৰৰ লগতে ৩গৰাকী লোকক ধাৰাবাহিক সোধপোচ অব্যাহত ৰাখিছে।

১১ফেব্ৰুৱাৰী, ২০২৬ৰ দিনটোত দিছপুৰ আৰক্ষীয়ে তলব কৰিছে সুৰজ পাঠক আৰু আদ্ৰিকা দাস নামৰ যুৱতীগৰাকীক। দুয়োগৰাকী এই ষড়যন্ত্ৰৰ অংশ আছিল বুলি সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে। কংগ্ৰেছৰ এটা চক্ৰই এই সমগ্ৰ পৰিকল্পনা কৰিছিল বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও সংবাদমাধ্যমত সদৰি কৰিছে।

কংগ্ৰেছৰ নিজৰ মানুহেই গৌৰৱ গগৈক ৰাজহুৱা স্থানত আক্ৰমণ কৰি জনতাৰ পৰা সহানুভূতি আদায়ৰ বাবে এনে পন্থা হাতত লৈছিল বুলি আৰক্ষীৰ এক সূত্ৰইও সদৰি কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে। আগন্তুক ৩-৪দিনৰ ভিতৰতেই এই সমগ্ৰ কাণ্ড ফাদিল হ'ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। 

গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ড হিমন্ত বিশ্ব শৰ্মা