/asomiyapratidin/media/media_files/2026/02/05/hdhjjd-2026-02-05-22-49-27.jpg)
ডিজিটেল ডেস্কঃ মা কামাখ্যৰ সেৱা লৈ অসম প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰা "মাটি বচাওঁ, জাতি বচাওঁ" আৰু "সময় পৰিৱৰ্তনৰ" শীৰ্ষক যাত্ৰাৰ সময়তে গুৱাহাটীৰ পথত এক বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈছিল গৌৰৱ গগৈ তথা কংগ্ৰেছ নেতৃত্ব। একাংশ লোকে কংগ্ৰেছৰ নেতাসকলক দেখি বাংলাদেশী মিঞাৰ দালাল বুলি ছিঞৰিছিল।
গৌৰৱ গগৈক দেখি একাংশ লোকে আনকি "বাংলাদেশীৰ মিঞা দালাল গৌৰৱ গগৈ" বুলিও ক্ষোভ উজাৰিছিল। প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে সন্মুখীন হোৱা এই পৰিস্থিতিক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজিকাই।
মন্ত্ৰী হাজৰিকাই নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট যোগে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, "পূৰ্বৰে পৰা মানুহক ভুৱা অপপ্ৰচাৰেৰে আভুৱা-ভাঁৰি অহা কংগ্ৰেছ দলে আজিও একেই কাম কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে বুলি গম পাইছোঁ।” মন্ত্ৰী হাজিকাই লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ দলৰ অন্যান্য নেতাসকলক সাৱধান কৰি দি কয় - "বৰ্তমান সময়ত ৰাইজ সজাগ।
মন্ত্ৰী হাজৰিকাই লগতে কয়- আজিৰ ৰাইজৰ হাতৰ মুঠিতে সকলো তথ্য উপলব্ধ। অপপ্ৰচাৰ বিয়পোৱাৰ চেষ্টা নকৰাই ভাল।" লগতে, গুৱাহাটীৰ ৰাজপথত ৰাইজৰ এই ক্ষোভে কংগ্ৰেছ দলৰ বাবে গুৰুত্বপূৰ্ণ ৰাজনৈতিক সংকেত বহন কৰিছে বুলি একাংশই মত প্ৰকাশ কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, নতুন সংকল্প যাত্ৰাৰ বাবে ৰাজীৱ ভৱনত ১০ খনকৈ বিশেষ এলইডি বাহন মুকলি কৰা হয়। জিলাই জিলাই চলিব কংগ্ৰেছৰ বিশেষ যাত্ৰা। সোণাপুৰৰ জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী তুলিলে সভাপতি গৌৰৱ গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us