/asomiyapratidin/media/media_files/2026/01/14/tgrefedfw-2026-01-14-23-27-53.jpg)
ডিজিটেল ডেস্কঃ ভোট ভাইব (VOTE VIBE) নামৰ এক স্বতন্ত্ৰ সংস্থাই চলোৱা শেহতীয়া জনমত সমীক্ষাত অসম ৰাজনীতিৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। জনমত সমীক্ষা অনুসৰি, মুছলমান ভোটাৰে মাজত জনপ্ৰিয় গৌৰৱ গগৈ। কিন্তু তাৰ বিপৰীতে ৬৬.৭ শতাংশ হিন্দু ভোটাৰে পুনৰ মুখমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক।
সেই জনমত সমীক্ষা অনুসৰি, ৰাজ্যৰ মুঠ ভোটাৰৰ ৫৮ শতাংশতকৈ অধিক ভোটাৰে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকলাপত সন্তুষ্টি প্ৰকাশ কৰিছে। হিন্দু ভোটাৰৰ মাজত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ পছন্দৰ হাৰ ৬৬.৭ শতাংশ। উন্নয়নমূলক আঁচনি, আইন-শৃংখলা আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপে এই সন্তুষ্টিৰ হাৰ বৃদ্ধি কৰাত সহায় কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/14/whatsapp-image-202-2026-01-14-23-50-25.jpeg)
আনহাতে, মুছলমান ভোটাৰৰ মাজত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ প্ৰতি সমৰ্থন দেখা গৈছে। প্ৰায় ৭৯ শতাংশ মুছলমান ভোটাৰে গৌৰৱ গগৈক পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে। সংখ্যালঘু সমাজৰ মাজত তেওঁৰ সমাৱেশমূলক বক্তব্য, সংসদীয় ভূমিকা আৰু প্ৰতিনিধিত্বমূলক ৰাজনীতিয়ে বিশ্বাসযোগ্যতা সৃষ্টি কৰিছে বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/14/whatsapp-image-2026-01-14-23-51-21.jpeg)
এই সমীক্ষাই অসমত ভোটাৰৰ মনোভাৱ একমুখী নহয়, বৰঞ্চ সামাজিক আস্থা আৰু প্ৰতিনিধিত্বৰ অনুভূতিৰ ওপৰতো নিৰ্ভৰশীল। ভোট ভাইবৰ এই সমীক্ষাই অসম ৰাজনীতিত নতুন আলোচনা আৰু বিতৰ্কৰ সূচনা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us