পাকিস্তানী মিডিয়াৰ নয়নৰ মণি গৌৰৱ গগৈ!

কংগ্ৰেছৰ সভাপতি হৈ আনৰ কটেন্ট চোৰ কৰি সামাজিক মাধ্যমত দি খিলঞ্জীয়াৰ বিশেষ দিনত পোষ্ট কৰি লজ্জানত হৈছিল গৌৰৱ গগৈ ৷ সেই গৰাকী গৌৰৱ গগৈক এইবাৰ অন্য এক কাৰণত নেটিজেনৰ পৰা পাইছে তুলা-ধুনা ৷

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ সৰ্বত্ৰে চৰ্চা চলি আছে। এই চৰ্চা কেৱল অসমতে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো হৈছে। কংগ্ৰেছ সাংসদগৰাকীয়ে ভিন্ন সময়ত সদনত উত্থাপিত কৰা বিষয়বোৰক পাকিস্তানী মিডিয়া গুৰুত্ব সহকাৰে প্ৰকাশ কৰি আহিছে। মোডী চৰকাৰক তীব্ৰ কটাক্ষ, অপাৰেচন সিন্দূৰক লৈ গৌৰৱ গগৈৰ বক্তব্যক সময়ে সময়ে অধিক প্ৰাধান্য দি আছে পাকিস্তানী মিডিয়াই।

02b930e2-6727-46bb-b1bd-7b5ee855362c

মুঠৰ ওপৰতপাকিস্তানী মিডিয়াৰ  কণ্টেণ্ট হৈ পৰিছে গৌৰৱ গগৈ ৷ চলিত বৰ্ষৰ জুলাই মাহতো পাকিস্তানী মিডিয়াৰ নয়নৰ মণি হৈ পৰিছিল গৌৰৱ গগৈ৷  সংসদৰ অধিৱেশনত অপাৰেশ্যন সিন্দুৰত ভাৰতে পোৱা সফলতাক বিফলতা বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছিল গৌৰৱ গগৈ ৷ গৌৰৱ গগৈৱে সেই সময়ত সংসদত দিয়া ভাষণক লৈ পাকিস্তানী মিডিয়াই বহু বাতৰি পৰিবেশন কৰিছিল। পাকিস্তানী মিডিয়াই গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই পেলাইছিল ৷

একে সময়তে গৌৰৱৰ ভাষনক আধাৰ হিচাপে লৈ মোদী চৰকাৰৰ বিৰুদ্ধে পাকিস্তানী মিডিয়াই চলাইছিল অপপ্ৰচাৰ ৷  গৌৰৱ গগৈয়ে সেই সময়ত সংসদত যি সমূহ ভাষণ ৰাখিছিল সেই সমুহ যেন পাকিস্তানী মিডিয়াৰ শ্ৰুতলিপিত হে কৈছিল ৷ গৌৰৱে কৈছিল ভাৰতৰ পাঁচখন ৰাফেল বিমান যুদ্ধত হেৰাই গৈছিল ৷

25c6c5cf-5e0a-4467-8eba-1e82ced2e35d

কেৱল সেয়াই নহয়, এছ আই আৰক লৈও গৌৰৱ গগৈয়ে যি সমূহ টুইট কৰে সেয়া গুৰুত্বসহকাৰে পাকিস্তানী মিডিয়াই অৰিজিনেল কণ্টেণ্ট হিচাপে প্ৰকাশ কৰে ৷  পাকিস্তানী মিডিয়াই গৌৰৱে টুইট কৰাৰ পাছতেই নিজৰ প্ৰপাগেণ্ডা চলাবলৈ পুনৰ আৰম্ভ কৰিছে। গৌৰৱ গগৈৰ টুইটক লৈ বিভিন্ন কন্টেট বনাই অপপ্ৰচাৰ কৰে পাকিস্তানী মিডিয়াই ৷

গৌৰৱৰ এনে টুইটক লৈ আনকি কিছু পাকিস্তানী নেটিজেনে উল্লেখ কৰে যে এইবাৰ সংসদৰ অধিৱেশনত গৌৰৱ গগৈয়ে মোদী চৰকাৰ যে অগণতান্ত্ৰিক সেয়া প্ৰমাণ কৰি দিব। পাকিস্তানে আই এছ আই, তেওঁলোকৰ মিডিয়া আৰু তৃতীয় শক্তিৰ জৰিয়তে ভাৰতৰ বৰ্তমানৰ চৰকাৰখনক অগণতান্ত্ৰিক বুলি প্ৰমাণিত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আহিছে।

পাকিস্তানৰ এনে কাণ্ড আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ বাবে অতি উদ্বেগজনক হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে । যিসময়ত ভাৰতে নিজৰ শক্তি আন্তঃৰাষ্ট্ৰীয় মঞ্চত শক্তিশালী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, তেনে সময়ত পাকিস্তানৰ এনে কৰ্মকাণ্ডই বিশ্বৰ সন্মুখত ভাৰতক দুৰ্বল প্ৰতিপন্ন কৰিব বুলি আশংকা প্ৰকাশ কৰিছে কূটনৈতিকবিদ সকলে। 

25c6c5cf-5e0a-4467-8eba-1e82ced2e35d

পাকিস্তান ভাৰত-পাকিস্তান