/asomiyapratidin/media/media_files/2025/11/25/ujjjdd-2025-11-25-09-43-11.jpg)
ডিজিটেল ডেস্কঃ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জন্ম বাৰ্ষিকীৰ দিনটোত মহাবীৰ জনাক সুৱঁৰিবলৈ দিনৰ ভাগতে কিয় সময় নাপালে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে! এক্স হেণ্ডেলত নিশা ভাগতহে লাচিত বৰফুকনক সোঁৱৰণ কৰি দিয়া পোষ্টৰ পাছতে এই প্ৰশ্ন কৰিছে বিজেপিয়ে।
বিজেপিয়ে গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে, আহোমৰ মুখ্য নেতা বুলি জহাই ভাল পোৱা গৌৰৱ গগৈয়ে "X"ত ৰাতি ৮.৩০ বজাত লাচিত দিৱসৰ শ্রদ্ধাঞ্জলি জনাবলৈ সময় পালে। বিজেপিয়ে এই বিষয়টোক লৈ সামাজিক মাধ্যমত তীব্ৰ চৰ্চা আৰম্ভ কৰিলে। বিষয়টোক লৈ সচেতন মহলৰ মাজতো চৰ্চা হোৱা দেখা গ’ল।
বিজেপিয়ে বিষয়টোক চৰ্চাৰ বিষয় কৰিলেও গৌৰৱ গগৈয়ে এতিয়ালৈকে এই বিষয়টোক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু এক্স হেণ্ডেলত নিশাৰ ভাগত লাচিত বৰফুকনক সোঁৱৰি পোষ্ট দিলেও ফেচবুকত পুৱাতেই লাচিত বৰফুকনত সোঁৱৰণ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।
লাচিত দিৱসৰ দিনটোত পুৱা ৯ ৰ পৰা ১০বজাৰ ভিতৰত ফেচবুকত লাচিত বৰফুকনক সুঁৱৰি পোষ্ট দিলেও এক্সত নিশা প্ৰায় ৮.৩০বজাতহে উক্ত পোষ্ট কৰিছিল সাংসদগৰাকীয়ে। তাৰ পিছতে গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিয়ে। ইফালে ফেচবুকত পুৱাই পোষ্ট কৰি এক্সত কিয় নিশা সেই একেটা পোষ্ট আপলোড কৰা হ'ল তাক লৈ একাংশই এয়া কাৰিকৰী বিজুতি বুলিও ক'ব বিচাৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us