বিদেশৰ মাটিত আয়োজিত চৰকাৰী অনুষ্ঠানত কিদৰে মৃত্যুমুখত পৰিছিল জুবিন গাৰ্গ ?

জুবিন গাৰ্গ কেনেদৰে হত্যাকাণ্ডৰ বলি হ’ল সেই সন্দৰ্ভত সঠিক তদন্তৰ দাবী জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ. জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে গৌৰৱ গগৈয়ে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-06 at 5.44.32 PM

ডিজিটেল সংবাদ, নতুন দিল্লীঃ ছিংগাপুৰত অনুষ্ঠিত 'নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ২০২৫'ৰ সময়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কেনেদৰে হত্যাকাণ্ডৰ বলি হ’ল সেই সন্দৰ্ভত সঠিক তদন্তৰ দাবী জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ. জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।

পত্ৰখনত গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৪ নৱেম্বৰত বিধানসভাত দিয়া এটি ভাষণৰ কথা বিশেষভাৱে উল্লেখ কৰিছে। সেই ভাষণটোত মুখ্যমন্ত্ৰীয়ে অসম পুলিচৰ বিশেষ তদন্তকাৰী গোটৰ তদন্তৰ ওপৰত ভিত্তি কৰি কৈছিল যে, জুবিন গাৰ্গৰ মৃত্যু "এক পূৰ্বপৰিকল্পিত হত্যাকাণ্ড" আছিল।

এই পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে, বৰ্তমান আৰক্ষীৰ তদন্তৰ আওতাত থকা এজন অভিযুক্ত প্ৰত্যক্ষভাৱে ছিংগাপুৰৰ উক্ত অনুষ্ঠানৰ আয়োজনৰ সৈতে জড়িত আছিল। এই ব্যক্তিজনে পৰিচালনা কৰা এটা সংস্থাই বিগত কেইবাবছৰ ধৰি বিভিন্ন অনুষ্ঠান আয়োজনৰ বাবে বৈদেশিক মন্ত্ৰণালয়ৰ পৰা কেইবালক্ষ টকাৰ অনুদান পাই আহিছে বুলিও গগৈয়ে পত্ৰখনত উল্লেখ কৰিছে।

লগতে গৌৰৱ গগৈয়ে পত্ৰখনত লিখিছে যে, ''উত্তৰ-পূব ভাৰতৰ মহান শিল্পীগৰাকীয়ে মৃত্যুবৰণ কৰাৰ পাছতো ১৯, ২০ আৰু ২১ ছেপ্টেম্বৰত ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত হৈ থকা বুলি সংবাদ-মাধ্যমৰ বাতৰিযোগে আমি জানিব পাৰিছো। এয়া অতিশয় দুৰ্ভাগ্যজনক। দুঃসংবাদটো পোৱা মাত্ৰকে অনুষ্ঠানটো পৰৱৰ্তী সময়লৈ স্থগিত ৰখাতো উচিত আছিল।’’ এই সন্দৰ্ভত চৰকাৰী বিবৃতিযোগে জনসাধাৰণক সবিশেষ অৱগত কৰাৰ লগতে, মন্ত্ৰণালয়ৰ বিষয়া আৰু উক্ত অভিযুক্তৰ মাজৰ সম্পৰ্কৰ বিষয়েও বৈদেশিক মন্ত্ৰণালয়ক স্পষ্টীকৰণ প্ৰদান কৰিবলৈ আহ্বান জনাইছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে।

ইফালে, বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কৰা দাবীক লৈয়ো মন্ত্ৰণালয়ে স্থিতি স্পষ্ট কৰি দিয়াতো দৰকাৰী বুলিও পত্ৰখনত গগৈয়ে উল্লেখ কৰিছে। উল্লেখ্য যে, যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত 'নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ২০২৫'ত অংশগ্ৰহণ কৰিবলৈ গৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক অৱস্থাত মৃত্যু ঘটিছিল। উক্ত অনুষ্ঠান ভাৰতৰ বৈদেশিক মন্ত্ৰণালয় আৰু ছিংগাপুৰস্থিত ভাৰতীয় হাই কমিছনাৰে যুটীয়াভাৱে আয়োজন কৰিছিল বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈ জুবিন গাৰ্গ