যুৱ প্ৰজন্মক সজাগ কৰাৰ নামত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ লেতেৰা কৰিলে গৌৰৱ গগৈয়ে

যুৱ প্ৰজন্মক সজাগ কৰাৰ নামত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ লেতেৰা কৰি থৈ গ’ল গৌৰৱ গগৈয়ে। সোমবাৰে গৌৰৱ গগৈয়ে ড্ৰাগছ নিবাৰণ সজাগতা সভা অনুষ্ঠিত কৰিছিল লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত। 

author-image
Asomiya Pratidin
New Update
যুৱ প্ৰজন্মক সজাগ কৰাৰ নামত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ লেতেৰা কৰিলে গৌৰৱ গগৈয়ে

ডিজিটেল সংবাদ লখিমপুৰঃ যুৱ প্ৰজন্মক সজাগ কৰাৰ নামত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ লেতেৰা কৰি থৈ গ’ল গৌৰৱ গগৈয়ে। সোমবাৰে গৌৰৱ গগৈয়ে ড্ৰাগছ নিবাৰণ সজাগতা সভা অনুষ্ঠিত কৰিছিল লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত। 

Advertisment

কিন্তু গৌৰৱ গগৈৰ সভাৰ পিছৰ দৃশ্যই সকলোকে হতবাক কৰি তুলিছে। সভাৰ পিছত কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয় ত্যাগ ক্ষেত্ৰত। পৰিস্কাৰ কৰিবৰ বাবে নাহিল গৌৰৱ গগৈৰ ফেন ক্লাব অথবা কোনো কংগ্ৰেছী। 

যুৱ প্ৰজন্মক সজাগ কৰাৰ নামত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰ লেতেৰা কৰিলে গৌৰৱ গগৈয়ে

লখিমপুৰৰ ত্যাগক্ষেত্ৰ লখিমপুৰবাসীৰ বাবে গৌৰৱ,  এক অতি আদৰৰ সম্পদ। এই ক্ষেত্ৰখন কোনো ৰাজনৈতিক দলে অপব্যৱহাৰ কৰাটো অতি নিন্দনীয় বুলি অভিমত ব্যক্ত কৰিছে সচেতন মহলে। গৌৰৱ গগৈয়ে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত ড্ৰাগছ নিবাৰণী সজাগতা সভা পাতি যোৱাৰ পিছত এতিয়া ত্যাগ ক্ষেত্ৰত সৃষ্টি হোৱা এই লেতেৰা, দুৰ্গন্ধময় অৱস্থাৰ দায়িত্ব কোনে ল'ব বুলি প্ৰশ্ন উত্থাপন হৈছে। 

লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। বিধায়কজনে কয় যে লখিমপুৰৰ ত্যাগক্ষেত্ৰ লখিমপুৰবাসীৰ বাবে এটি অতি আদৰৰ সম্পদ। ফুড ক’ৰ্ট বা সৌন্দৰ্যবৰ্ধন আদিৰে উত্তৰ লখিমপুৰ পৌৰসভাই ত্যাগক্ষেত্ৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। 

WhatsApp Image 2025-08-26 at 8.48.21 PM (1)

একালত অতি বেয়া অৱস্থাত থকা ত্যাগ ক্ষেত্ৰখনক এতিয়া চৰকাৰী প্ৰচেষ্টাত জিলিকাই তোলা হৈছে। কিন্তু সোমবাৰে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই ত্যাগক্ষেত্ৰত অনুষ্ঠিত কৰা ড্ৰাগছ নিবাৰণ সজাগতা সভাৰ পিছৰ ত্যাগক্ষেত্ৰৰ দৃশ্য এয়া। খোৱা বস্তু, লেতেৰা কাগজ, পলিথিন আদি পেলাই অতি লেতেৰা আৰু কদৰ্যময় কৰি পেলোৱা হ'ল আটকধুনীয়া ত্যাগ ক্ষেত্ৰখনক। 

গৌৰৱ গগৈয়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ নামত অতি ৰাজকীয় পৰিৱেশ সৃষ্টি কৰি এইদৰে লেতেৰা কৰি থৈ গ'ল আমাৰ ত্যাগক্ষেত্ৰ। আমাৰ সমগ্ৰ লখিমপুৰ জিলাখনেৰে ৰাজহুৱা সম্পতি উত্তৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰ চৌহদৰ এই কদৰ্য ৰূপ দেখি বহুজনৰ লগতে সঁচাকৈয়ে ময়ো উদ্বিগ্ন হৈছো৷ 

WhatsApp Image 2025-08-26 at 8.48.22 PM

এয়া অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বিধায়কজনে কয় যে অনুষ্ঠানটোৰ পিছত এতিয়ালৈকে গৌৰৱ গগৈ ফেনছ ক্লাব অথবা কংগ্ৰেছৰ কোনো এজন নেতা-কৰ্মীয়ে ত্যাগক্ষেত্ৰ চাফা কৰাটো দূৰৰে কথা এই দৃশ্যসমূহ এবাৰ ঘূৰি চোৱাও পৰিলক্ষিত হোৱা নাই। এয়াই নেকি তেওঁলোকৰ সামাজিক দায়বদ্ধতা? 

ইয়াৰ পিছত আৰু গৌৰৱ গগৈৰ দৰে নেতাৰ নেতৃত্ব আৰু অনুগামীসকলৰ পৰা নতুন প্ৰজন্মই কি আশা কৰিব বুলিও বিধায়কজনে প্ৰশ্ন কৰিছে।

ড্ৰাগছ সজাগতা সভা গৌৰৱ গগৈ