গৌৰৱ গগৈয়ে বাংলাদেশীক স্বদেশী সজাবলৈ চেষ্টা চলাইছে : চিতু বৰুৱা

গৌৰৱ গগৈয়ে বাংলাদেশীক স্বদেশী সজাবলৈ চেষ্টা চলাইছে। এইটো অতি হাঁহি উঠা কথা।- এই মন্তব্য জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাৰ।

author-image
Asomiya Pratidin
New Update
web3

ডিজিটেল সংবাদ, গুৱাহাটী : গৌৰৱ গগৈয়ে বাংলাদেশীক স্বদেশী সজাবলৈ চেষ্টা চলাইছে। এইটো অতি হাঁহি উঠা কথা।- এই মন্তব্য জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাৰ।

শনিবাৰে সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি জাতীয় সংগঠনৰ নেতাগৰাকীয়ে কয় যে যিজন ব্যক্তিয়ে নিজৰ সন্তানক আজিলৈকে ভাৰতীয় বুলি ক’ব নোৱাৰিলে, তেওঁ আকৌ বাংলাদেশীক স্বদেশী সজাবলৈ গৈছে। তেওঁ মিঞাক ন-অসমীয়া বুলি কৈছে। আমি ন-কইনা শব্দটো শুনিবলৈ পাইছো।

কিন্তু ন-অসমীয়া শব্দটো আমি আজিলৈকে শুনিবলৈ পোৱা নাই। গৌৰৱ গগৈয়ে এই ধৰণৰ ভণ্ডামি কৰাটো উচিত নহয় বুলি চিটু বৰুৱাই মন্তব্য কৰে।

উল্লেখ্য যে উজনি অসমত মিঞা তথা সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে একাংশ জাতীয় দল-সংগঠনে অভিযান অব্যাহত ৰখাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মিঞাক ৰক্ষণাবেক্ষণ দিয়াত উঠি পৰি লাগিছে। মিঞাসকলক ন-অসমীয়া বুলি কৈ প্ৰকাৰন্তৰে সন্দেহযুক্ত নাগৰিকক গৌৰৱ গগৈয়ে ভাৰতীয় নাগৰিক সজাবলৈ বিচৰা বুলি বিভিন্নজনে অভিযোগ কৰিছে।

জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই গৌৰৱ গগৈৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰে। তেওঁ পুনৰ কয় যে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে, অভিযান চলি থাকিব।

উজনি অসমৰ পৰা ইতিমধ্যে প্ৰায়সংখ্যক সন্দেহযুক্ত নাগৰিকে পলাই পত্ৰং দিছে। যি দুই এটা সন্দেহযুক্ত নাগৰিক ক’ৰবাত লুকাই-চুকাই আছে, তেওঁলোকে ১৫ আগষ্টৰ ভিতৰত শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা পৰিস্থিতি বেয়া হ’ব এয়া স্পষ্ট কথা।

এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়াৰ মানুহৰ প্ৰভূত্ব থাকিব লাগিব, খিলঞ্জীয়াৰ আধিপত্য থাকিব লাগিব। ইয়াত বাংলাদেশীৰ আগ্ৰাসন নচলিব, ইয়াত বাংলাদেশীৰ দপদপনি কোনোপধ্যে সহ্য কৰা নহ’ব বুলি জাতীয় সংগ্ৰামী সেনা অসমৰ নেতাগৰাকীয়ে সকীয়াই দিয়ে।

তেওঁ কয় যে দেশ বুলিলে নালাগে আদেশ। আমি উজনি অসম বচাব লাগিব। অসম বচাব লাগিব। আজি অসমত চাৰিওফালৰ পৰা কেৱল মাত্ৰ আগ্ৰাসন চলিছে। এই আগ্ৰাসন অকল নামনি অসমতে সীমাবদ্ধ হৈ থকা নাই, উজনিতো শিপাইছে। গতিকে উজনি অসমক আমি বচাব লাগিব। আৰু বচাবৰ কাৰণে আমি কাম কৰিছো।

আমি কাম কৰি থকা অৱস্থাত কোনোবাই যদি আমাক কটাক্ষ কৰে তেনেধৰণৰ কটাক্ষক আমি গুৰুত্ব নিদিওঁ। আমাৰ স্পষ্ট কথা মিঞা উজনি অসমৰ পৰা যাবই লাগিব, আমাৰ অভিযান চলি থাকিব। 

আনহাতে, চিটু বৰুৱা অকলে মাত্ৰ এটা সংগঠন বুলি অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় যে অখিলে এইবিলাক কথা কৈ লাভ নাই। জাতীয় সংগ্ৰামী সেনাৰ অসমত প্ৰতিখন জিলা সমিতি আছে, আঞ্চলিক সমিতি আছে। এনে মন্তব্যৰে অখিল গগৈয়ে জাতীয় সংগ্ৰামী সেনা বা অসমৰ জাতীয় দল-সংগঠনৰ গাত যে শক্তি নাই সেই কথাটো বুজাব বিচাৰিছে। কিন্তু আমি এটা কথা কৈ দিব বিচাৰিছো, আমি মিঞাক লৈ ৰাজনীতি কৰা নাই।

আমি আগে পিছে মিঞাক লৈ সংগঠন কৰা নাই, আমি খিলঞ্জীয়া ভূমিপুত্ৰক লৈ সংগঠন কৰিছো। অখিল গগৈয়ে মিঞাক লৈ সংগঠন কৰিছে, মিঞাক লৈ ৰাজনীতি কৰিছে। সন্দেহযুক্ত নাগৰিকক লৈ সংগঠন কৰিছে। আমি খিলঞ্জীয়া ভূমিপুত্ৰক লৈ সংগঠন কৰিছো আৰু খিলঞ্জীয়া মানুহখিনিৰ কাৰণে আমি কাম কৰিবলৈ বিচাৰিছো। আমি কাম কৰিম, কোনো শক্তিয়ে আমাক বাধা দি ৰাখিব নোৱাৰে এয়া আমাৰ স্পষ্ট কথা বুলি মন্তব্য কৰে।

গৌৰৱ গগৈ