গৌৰৱ গগৈক ভাৰত–ফিলিপাইন সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষ নিযুক্তি, প্ৰদেশ কংগ্ৰেছৰ অভিনন্দন

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভাৰত–ফিলিপাইন সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

author-image
Asomiya Pratidin
New Update
bjpsorriirr

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভাৰত–ফিলিপাইন সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰত আৰু ফিলিপাইনৰ মাজত সহযোগিতা, পাৰস্পৰিক বুজাবুজি আৰু প্ৰতিষ্ঠানগত সমন্বয় বৃদ্ধিৰ উদ্দেশ্যে গঠন কৰা হৈছে এই গোট। 

এই সংসদীয় মৈত্ৰী গোটে সামুদ্ৰিক নিৰাপত্তা, ৰক্ষণাবেক্ষণ আৰু প্ৰতিৰক্ষা, বাণিজ্য, শিক্ষা আদি ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তোলাত গঠনমূলক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৌৰৱ গগৈক এই গোটৰ নেতৃত্ব অৰ্পণ কৰি লোকসভাৰ নেতৃত্বই তেওঁক ফিলিপাইন সংসদৰ সদস্যসকলৰ সৈতে বিধানিক সংলাপ আগুৱাই নিয়া আৰু ঘনিষ্ঠ সম্পৰ্ক স্থাপনৰ দায়িত্ব অৰ্পণ কৰিছে। 

উল্লেখ্য যে, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১৮ সংখ্যক লোকসভাৰ সদস্যসকলক লৈ একাধিক সংসদীয় মৈত্ৰী গোট গঠন কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে বিশ্বৰ বিভিন্ন দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰা আৰু ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা। ইয়াৰ জৰিয়তে শাসন-প্ৰণালী, বাণিজ্য, নিৰাপত্তা, সংস্কৃতি আৰু আঞ্চলিক সহযোগিতাৰ দৰে বিভিন্ন বিষয়ত মত-বিনিময় কৰা হয়। 

এই ধৰণৰ ব্যৱস্থাক বৰ্তমান সময়ত ‘ছফট ডিপ্ল’মেচি’ৰ এক গুৰুত্বপূৰ্ণ উপায় হিচাপে গণ্য কৰা হৈছে, যিয়ে চৰকাৰী স্তৰৰ আনুষ্ঠানিক যোগাযোগক সম্পূৰক হিচাপে সহায় কৰে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈক লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই দায়িত্ব প্ৰদান কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। 

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকক গুৱাহাটীলৈ আনি এক সংবাদমেলৰ জৰিয়তে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ এছআইটিৰ তদন্তৰ ফাইল গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল। সেই সকলোবোৰ অপপ্ৰচাৰ যে ৰাজনৈতিক অভিসন্ধিহে আছিল সেয়া প্ৰমাণিত কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অপপ্ৰচাৰ আৰু আক্ৰোশমূলক তদন্তৰ গোমৰ ফাঁক বাহিৰ কৰি লোকসভাৰ তৰফৰ পৰা গৌৰৱ গগৈৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ভাৰত–ফিলিপাইন সংসদীয় মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছে। 

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কমিটিৰ সভাপতি গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অভিসন্ধিক গৰিহণা দিয়ে। এক বিবৃতিত আজি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ভুৱা প্ৰচাৰ আৰু ৰাইজক বিভ্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক অপপ্ৰচাৰৰ বাবে ৰাইজৰ আগত নিচৰ্তভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰে।

গৌৰৱ গগৈ দিলীপ শইকীয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা