/asomiyapratidin/media/media_files/2026/02/03/cmhimnannana-2026-02-03-22-54-22.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ এগৰাকী কংগ্ৰেছ কৰ্মীয়ে কিডনী ট্ৰান্সপ্লান্টৰ বাবে সহায় বিচাৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক এখন আবেদন আগবঢ়াইছিল। আবেদনৰ ভিত্তিত গৌৰৱ গগৈয়ে উক্ত ব্যক্তিগৰাকীক কিডনী ট্ৰান্সপ্লান্টৰ বাবে মাত্ৰ ৫০০ টকা সহায় আগবঢ়াই দায়িত্ব সামৰাৰ বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ কৰিছে।
এই বিষয়টো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, উক্ত ব্যক্তিগৰাকীয়ে যদি আবেদনখন তেওঁলৈ পঠিয়াই দিলেহেঁতেন, তেন্তে তেওঁ বেছি পৰিমাণে সহায় আগবঢ়াব পাৰিলেহেঁতেন। আৰু গৌৰৱ গগৈয়ে প্ৰকৃততে ৫০০ টকা সহায় দিছে নে নাই, সেই বিষয়ে তেওঁ নিশ্চিত নহয় বুলিও কয়।
লগতে মুখ্যমন্ত্ৰীয়ে কয় যে- মানুহে মানুহক সহায় কৰাটো, বিশেষকৈ নিজৰ সমষ্টিৰ মানুহ বা দলৰ কৰ্মীক সহায় কৰাটো ধৰ্ম। কিন্তু গৌৰৱ গগৈয়ে কেনেধৰণে সহায় আগবঢ়ালে, সেই বিষয়ে তেওঁ নিজে মন্তব্য কৰিবলৈ অনিচ্ছুক বুলি উল্লেখ কৰে আৰু এই সন্দৰ্ভত গৌৰৱ গগৈকেই সুধিবলৈ সাংবাদিকসকলক পৰামৰ্শ দিয়ে। এই বিষয়টোৱে ইতিমধ্যে সামাজিক মাধ্যমত ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us