জুবিন গাৰ্গক ভাৰত ৰত্নৰ দাবীত সংসদত সৰৱ গৌৰৱ গগৈ...

সাংসদ গগৈয়ে যুক্তি দিয়ে যে, জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ সৃষ্টিৰাজিৰ গভীৰতাৰ বাবে তেওঁ নিঃসন্দেহে ভাৰত ৰত্ন সন্মানৰ যোগ্য। এই সন্মানে তেওঁৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে অসমীয়া সংস্কৃতিৰ প্ৰতি সমগ্ৰ দেশে সন্মান প্ৰদৰ্শন কৰিব।

author-image
Asomiya Pratidin
New Update
new ap web 2 (33)

ডিজিটেল ডেস্কঃ  আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিবলৈ লোকসভাত কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে। ইয়াৰ লগতে তেওঁ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ দাবী তোলে।

যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈ কিদৰে কিংবদন্তি শিল্পীগৰাকীৰ মৃত্যু হ'ল সেই সন্দৰ্ভত তদন্ত কৰি শীঘ্ৰেই ন্যায় দিবলৈ তেওঁ আহ্বান জনায়। সাংসদ গগৈয়ে কয় যে, জুবিন গাৰ্গ  মাত্ৰ এজন গায়ক নহয়, প্ৰকৃতাৰ্থত এগৰাকী শিল্পী, সমাজকৰ্মী। তেওঁ অসমীয়া সংগীতক দেশ আৰু বিশ্বৰ মঞ্চত এক নতুন মাত্ৰা প্ৰদান কৰিছে।

সাংসদ গগৈয়ে যুক্তি দিয়ে যে, জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ সৃষ্টিৰাজিৰ গভীৰতাৰ বাবে তেওঁ নিঃসন্দেহে ভাৰত ৰত্ন সন্মানৰ যোগ্য। এই সন্মানে তেওঁৰ অৱদানক স্বীকৃতি দিয়াৰ লগতে অসমীয়া সংস্কৃতিৰ প্ৰতি সমগ্ৰ দেশে সন্মান প্ৰদৰ্শন কৰিব।

উল্লেখ্য যে, জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ বাবে অসমৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক সংগঠনৰ লগতে অনুৰাগী মহলে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। লোকসভাৰ মজিয়াত এই দাবী উত্থাপন হোৱাৰ পাছত বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে।

গৌৰৱ গগৈ