/asomiyapratidin/media/media_files/2026/02/24/fjksdfdjf-2026-02-24-19-16-04.jpg)
নিউজ ডেস্কঃ সাংসদ গৌৰৱ গগৈক বিশেষ দায়িত্ব প্ৰদান কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ভাৰত-ফিলিপাইনচ মৈত্ৰী গোটৰ দলপতিৰ দায়িত্ব প্ৰদান কৰা হয় সাংসদগৰাকীক। কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সুদৃঢ়কৰণৰ বাবে গঠন কৰা হৈছে এই গোট।
ইফালে, গৌৰৱ গগৈক এই দায়িত্ব প্ৰদানৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপি চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ কয় যে- গৌৰৱ গগৈক কোনো অধ্যক্ষৰ দায়িত্ব দিয়া হোৱা নাই । দলপতিৰ দায়িত্বহে প্ৰদান কৰা হৈছে। এইয়া এক গতানুগতিক প্ৰক্ৰিয়া। সাংসদ হিচাবে তেওঁ এতিয়াও কাৰ্যনিৰ্বাহ কৰি থকা বাবে সকলো সা-সুবিধা লাভ কৰা বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে, পাকিস্তানৰ এজেন্ট বুলি অভিযুক্ত গৌৰৱ গগৈ বৰ্তমানো দোষী সাব্যস্ত হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয়- যেতিয়াই এই বিষয় সন্দৰ্ভত ন্যায়পালিকাই নিজৰ ৰায় দি গৌৰৱ গগৈক দোষী সাবস্ত্য কৰিব, তেতিয়া সকলো সা-সুবিধাৰ পৰা তেওঁ বঞ্চিত হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us