পাকিস্তানৰে গৌৰৱ গগৈৰ সম্পৰ্ক, জানুৱাৰীত ৰাজহুৱা কৰিব তথ্য...

ফেচবুক লাইভযোগে পুনৰ বহু কেইটা ঘোষণা আৰু মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই লাইভৰ শেষৰফালে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 9 (1)

ডিজিটেল ডেস্কঃ আজি ফেচবুক লাইভযোগে পুনৰ বহু কেইটা ঘোষণা আৰু মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই লাইভৰ শেষৰফালে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত মন্তব্য কৰে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছো। এই মাহটো (জানুৱাৰী) শেষ হোৱাৰ আগতেই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰী কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানৰ সৈতে গোপন সম্পৰ্ক এই গোটেইবোৰে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সমুখলৈ লৈ আহিছে।’

আমাৰ জাতিটো সংকটৰ সমুখত আছিল আৰু আমি জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা কৰিছো বুলি উল্লেখ কৰি লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘এচাম লোকে নিজৰ স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব বিচাৰে। মই নিশ্চিত আমাৰ সামুহিক শক্তি আৰু আমাৰ সামগ্ৰিক সত্ত্বাই জাতিটো সুৰক্ষিত কৰি ৰাখিব। এই অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে বিজয়ী হম।’

উল্লেখযোগ্য যে, ফেচবুক লাইভতে এক সুখবৰো দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে- ১০ ফেব্ৰুৱাৰীৰ ভিতৰত ইতিমধ্যে আৰম্ভ হোৱা সকলো বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব অসম চৰকাৰে।

গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা