/asomiyapratidin/media/media_files/2025/08/24/new-ap-web-11-11-24-new-2-2025-08-24-14-48-58.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ '২৬ৰ নিৰ্বাচনৰ বাবে চিলাপথাৰৰ সীমান্তৱৰ্তী লিকাবালি মালিনী মন্দিৰৰ আশীষ ল'বলৈ আহিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। ৰাজনৈতিক ক্ষেত্ৰখনত কাংক্ষিত সফলতা লাভৰ আশীৰ্বাদ বিচাৰি দেৱীৰ চৰণত সদলবলে প্ৰনিপাত নিবেদিলে সাংসদগৰাকীয়ে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে। সাংসদগৰাকীয়ে উল্লেখ কৰে যে, "বিজেপি কৰ্মী, পৰিবাৰ আৰু নেতাই যিমান ৰাইজৰ ভূমি দখল কৰিলে ৰাইজৰ মাজত প্ৰচাৰ কৰা হ'ব। খিলঞ্জীয়া আৰু অখিলঞ্জীয়া উচ্ছেদ কৰি বিজেপিয়ে মাটি কাক দিছে? সেই মাটিত পুঁজিপতিৰ লগতে নিজে ৰেষ্টোৰেন্ত, ৰিজৰ্ট আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বনাব" বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে।
আনহাতে, ধেমাজি জিলাৰ নৱগঠিত ৭৯ নং চিচিবৰগাঁও বিধান সভা সমষ্টিত নিশ্চিতভাৱে কংগ্ৰেছ দলে বলিষ্ঠ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি উল্লেখ কৰি কয় যে, "সম্প্ৰতি দেশৰ নিৰ্বাচন আয়োগ নিৰপেক্ষ হৈ থকা নাই। বৰঞ্চ বিজেপিৰ হৈ কাম কৰি আছে। বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি এক জনজাগৰণৰ সৃষ্টিৰ বাবে অচিৰেই সজাগতা সভা অনুষ্ঠিত কৰিব" বুলিও তেওঁ উল্লেখ কৰে।
ইফালে, ঐতিহাসিক মা মালিনী মন্দিৰ দৰ্শন কৰি সমবেত গুণমুগ্ধ ৰাইজৰ সৈতে চেলফি উঠিলে সাংসদ গগৈয়ে। গৌৰৱ গগৈক সংগদান কৰিলে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু,প্ৰদেশ কংগ্ৰেছৰ নেতা ডাঃ হেমহৰি প্ৰসন্ন পেগু, ভাস্কৰ দুৱৰা, শৈলেন সোণোৱালৰ লগতে বহু দলীয় নেতা কৰ্মীয়ে।