/asomiyapratidin/media/media_files/2025/09/04/1-2025-09-04-14-57-35.jpg)
ডিজিটেল ডেস্কঃ শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং (এন আই আৰ এফ) ২০২৫ ৰেংকিঙত ভাৰতৰ শীৰ্ষ ১০ খন ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে এক উল্লেখযোগ্য গৌৰৱ অৰ্জন কৰিছে।
সমগ্ৰ দেশৰ কেবাখনো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰা অসম ভিত্তিক প্ৰতিষ্ঠান খনৰ বাবে এই কৃতিত্ব এক উল্লেখযোগ্য স্বীকৃতি। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্য়মযোগে এই সাফল্যক উদযাপন কৰি ৰাজ্যখনৰ বাবে “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে।
এন আই আৰ এফৰ ৰেংকিঙ অনুসৰি কলকাতাৰ জাদৱপুৰ বিশ্ববিদ্যালয়ে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ে দ্বিতীয় স্থান দখল কৰে। চণ্ডীগড়ৰ আৰু পাঞ্জাব বিশ্ববিদ্যালয়ে শীৰ্ষ তিনিটা স্থান লাভ কৰে।
ৰেংকিঙত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আগত অন্ধ্ৰ বিশ্ববিদ্যালয়, বিশাখাপট্টনম (৪ৰ্থ), কেৰালা বিশ্ববিদ্যালয়, তিৰুৱনন্তপুৰম (৫ম), কোচিন বিশ্ববিদ্যালয় অৱ চাইন্স এণ্ড টেকন’লজি (ষষ্ঠ), হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয় (৭ম), আৰু ইউনিভাৰ্চিটি অৱ কাশ্মীৰ, শ্ৰীনগৰ (৮ম) আদিয়েও স্থান লাভ কৰে। ভাৰতীয় বিশ্ববিদ্যালয়, কইম্বাটুৰে দশম স্থান দখল কৰে।
এন আই আৰ এফ ৰেংকিঙে পাঠদান, শিক্ষণ সম্পদ, গৱেষণা আৰু পেছাদাৰী পদ্ধতি, স্নাতক ডিগ্ৰীৰ ফলাফল, প্ৰসাৰ ,অন্তৰ্ভুক্তি আৰু ধাৰণাকে ধৰি পৰিমাপসমূহৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠানসমূহৰ মূল্যায়ন কৰে। উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে ভাৰতৰ চৰকাৰী ৰেংকিং ব্যৱস্থা হিচাপে কাম কৰে।
বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালয়ত অনুষ্ঠিত পশ্চিম খণ্ড যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই উপলক্ষে ভাষণ দি মন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰেংকিঙত ১১ নং স্থানৰ পৰা নৱম স্থানলৈ উন্নীত হোৱাৰ সাফল্যক প্ৰশংসা কৰে।
ইয়াক “ইতিবাচক পদক্ষেপ” বুলি অভিহিত কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সৰ্বভাৰতীয় পৰ্যায়ত এই ৰেংকিং লাভ কৰাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰশংসা কৰি সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভ্ৰাতৃত্ববোধক অভিনন্দন জনায়।
এই স্বীকৃতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় ৰেংকিং সংস্থাই নিৰ্ধাৰণ কৰা বিভিন্ন মূল্যায়ন মাপকাঠীত ইয়াৰ শৈক্ষিক মানদণ্ড আৰু সামগ্ৰিক প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰি দেশৰ প্ৰধান ৰাজ্যিক পুঁজিৰে চলি থকা শিক্ষানুষ্ঠানসমূহৰ ভিতৰত স্থান দিছে।