গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ অনলাইন ব্যক্তৃত্বানুষ্ঠান..

অনলাইনযোগে ১০০ টা বক্তৃতা আগবঢ়াব দিগন্ত বিশ্ব শৰ্মাই..
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ অনলাইন ব্যক্তৃত্বানুষ্ঠান..

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ে বছৰজোৰা বক্তৃতা শৃংখলাৰ অংশ হিচাপে অনলাইন মাধ্যমৰ জৰিয়তে ১০০ টা বক্তৃতা প্ৰদান কৰিবলৈ দিগন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনায়। বক্তৃতাৰ বিষয় "INDIA AND HER PROFOUND KNOWLEDGE, DEEPER VISION & WISDOM IN THE LIGHT OF THE TEACHINGS AND INSIGHTS OF SRI AUROBINDO".

উক্ত ব্যক্তৃতানুষ্ঠানত অংশগ্ৰহণৰ আগ্ৰহীসকলৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন ৰেজিষ্ট্ৰেচন ফৰ্ম প্ৰদান কৰিছে। ফৰ্মখনত নিজ তথ্য প্ৰকাশৰ পাছতে তেওঁৰ সৈতে বিশ্ববিদ্যালয়ৰ পৰা যোগাযোগ কৰিব।

উল্লেখ্য যে, দিগন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ভাৰতীয় সংস্কৃতি আৰু গীতাৰ ওপৰত শ্ৰী অৰবিন্দৰ লেন্সৰ জৰিয়তে প্ৰায় ৩ বছৰ ধৰি বক্তৃতা দি আহিছে। ২০২০ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০২৩ চনৰ জুন মাহলৈ অনলাইনৰ জৰিয়তে ৪০০ টা বক্তৃতা প্ৰদান কৰিছে।

ইয়াৰ ভিতৰত দুটা বক্তৃতা শৃংখলা শিলচৰৰ অসম বিশ্ববিদ্যালয় চেণ্টাৰ ফৰ ষ্টাডিজ ইন হিউমেন ডেভেলপমেণ্ট (চি এছ এইচ ডি) য়ে আয়োজন কৰিছিল। বাকীবোৰ আয়োজন কৰিছিল গুৱাহাটীৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নোলেজ চিষ্টেম, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিয়ে।

সম্প্ৰতি কটন বিশ্ববিদ্যালয়ৰ কেপাচিটি বিল্ডিং চেণ্টাৰে আয়োজন কৰা বক্তৃতা শৃংখলাত দিগন্ত বিশ্ব শৰ্মাই অনলাইনযোগে অংশগ্ৰহণ কৰিছে। "PSYCHOLOGICAL HEALTH & PERFECTION OF PERSONALITY IN THE LIGHT OF THE TEACHINGS OF SRI AUROBINDO & THE MOTHER" বিষয়ক উক্ত বক্তৃতা শৃংখলা বৰ্তমানেও চলি আছে। শ্ৰী শৰ্মাই মুঠ ১০০ টা বক্তৃতাৰ ভিতৰত ৫৯ টা বক্তৃতা প্ৰদান কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ অনলাইন ব্যক্তৃত্বানুষ্ঠান..
উত্তৰ প্ৰদেশত ৮০ খনৰ ৭৯ খন আসনেই পাব INDIAইঃ অখিলেখ যাদৱৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in