গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱ আভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত আৰু এছ’চিয়েশ্যন অৱ কাৰ্বহাইড্ৰেট কেমিষ্টছ এণ্ড টেকন’লজিষ্ট ইণ্ডিয়াৰ সহযোগত অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
44

ডিজিটেল সংবাদ,গুৱাহাটী:  গুৱাহাটী বিশ্ববিদ্যালয়ত গ্লাইকোছায়েন্স আৰু গ্লাইকোটেকন’লজীৰ শেহতীয়া অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৪ ডিচেম্বৰৰ পৰা ফণীধৰ দত্ত আলোচনা চক্ৰ প্ৰেক্ষাগৃহত ৩দিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন CARBO-XXXVIII সফলভাৱে সম্পন্ন হয়।

Advertisment

গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱ আভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত আৰু এছ’চিয়েশ্যন অৱ কাৰ্বহাইড্ৰেট কেমিষ্টছ এণ্ড টেকন’লজিষ্ট ইণ্ডিয়াৰ সহযোগত অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল।

সন্মিলনৰ আহ্বায়ক ড° দেবব্ৰত বৈশ্যৰ আদৰণি ভাষনেৰে সভাৰ শুভাৰম্ভণি হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল  শৰ্মাই সন্মিলনখন উদ্বোধন কৰে। তেওঁ এনে এটা নিৰ্দিষ্ট বৈজ্ঞানিক ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক লাভান্বিত কৰাৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে।

আৰম্ভণি দিনৰ মূল ভাষণ প্ৰদান কৰে পি এফ পি ইণ্ডাষ্ট্ৰীজ, এল এল চি, আৰু এছ এন এফ ইণ্ডাষ্ট্ৰীজ, ইউ এছ এৰ চি ই অ’ ড° অশোক দেসৰকাৰে। তেওঁ “Ranking of Indian Universities Among the World Universities” শীৰ্ষক আলোচনাৰ জৰিয়তে গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ চিন্তনীয় বিষয়সমূহ প্ৰস্তাৱ কৰে । 

সন্মিলনত অনুষ্ঠিত প্ৰযুক্তিগত অধিবেশনসমূহ, পোষ্টাৰ প্ৰদৰ্শনী আৰু বিশেষ আলোচনাসভাই গ্লাইক’চাইন্সৰ সাম্প্ৰতিক অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সন্মিলনে জাৰ্মানী,যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, ইটালি, নেডাৰলেণ্ডছ আৰু ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী,গৱেষক, উদ্যোগপতি আৰু প্ৰতিনিধিসকলক একত্ৰিত কৰে।

শেষৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত আৰু আই আই টি গুৱাহাটীৰ অধ্যক্ষ অধ্যাপক দেৱেন্দ্ৰ জলিহাল উপস্থিত থাকে। অধ্যাপক মহন্তই গ্লাইক’চাইন্সৰ বিকাশৰ ক্ষেত্ৰত আন্তঃশাখিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে, অধ্যাপক জলিহালে গ্লাইক’চাইন্সৰ ক্ষেত্ৰত গৱেষণাৰ বিশ্বব্যাপী প্ৰভাৱ আৰু ইয়াৰ প্ৰয়োজনীয়তা বুজাই কয় । 

সমাপ্তি ভাষণত ড° দেবব্ৰত বৈশ্যই CARBO-XXXVIIIৰ আহ্বায়ক হিচাপে অংশগ্ৰহণকাৰী, বক্তাসকল, আৰু আয়োজক সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ এই বৃহৎ অনুষ্ঠান সফল কৰিবলৈ সহযোগ আগবঢ়োৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগঠকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়