গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্রযুক্তিবিষয়ক কর্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্রযুক্তিবিষয়ক দুদিনীয়া কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাখন তথ্য প্রযুক্তি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঈশান মেছিন ট্ৰান্সলেঞ্চন প্ৰজেক্ট ৰ উদ্যোগত আযোজন কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় ভাষাসমূহত কৃত্রিম বুদ্ধিমত্তা

ভাৰতীয় ভাষাসমূহত কৃত্রিম বুদ্ধিমত্তা


ডিজিটেল ডেস্ক,গুৱাহাটী:  গুৱাহাটী বিশ্ববিদ্যালয়ত ১০ আৰু ১১ মার্চ, ২০২৫ তাৰিখে কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্রযুক্তিবিষয়ক দুদিনীয়া কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাখন তথ্য প্রযুক্তি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঈশান মেছিন ট্ৰান্সলেঞ্চন প্ৰজেক্ট  (ISHAAN Machine Translation Project)ৰ উদ্যোগত আযোজন কৰা হৈছিল। ইশান মেছিন অনুবাদ প্ৰকল্প ভাৰত চৰকাৰৰ ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্রালয়ৰ অধীনত এটা প্রকল্প। কর্মশালাখনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ কৃত্রিম বুদ্ধিমত্তাৰ প্রযুক্তিসমূহ মত বিস্তৃত আলোচনাৰ লগতে ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰে ভাৰতীয় ভাষাসমূহক ডিজিটেল বিশ্বভ উন্নীত আৰু সবলীকৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা হয়। বিশেষভাবে অসমীয়া, বড়ো, মণিপুৰী, নেপালী আৰু ইংৰাজী ভাষাৰ মাজত নিউবেল মেচিন অনুবাদ (Neural Machine Translation) আৰু ভাৰতীয় ভাষাৰ কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আগতীয়াকৈ কাম কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়।

Advertisment

"এই কর্মশালাখনৰ সময়ছোৱাত এই ভাষাসমূহৰ গণনাগত ভাষাবিজ্ঞান (Computational Linguistics) বিষয়বস্তু, যেনে Named Entities আৰু বহুশন্দৰ অভিব্যক্তি (Multi Word Expressions) আদি সন্দৰ্ভত গভীৰ বিশ্লেষণ আৰু আলোচনা অনুষ্ঠিত হয়। কর্মশালাৰ আযোজন সমিতিৰ অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মাই ব্যক্ত কৰে কর্মশালাই উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় গৱেষকসকলক কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত স্থানীয় ভাষাসমূহত প্রত্যক্ষ অনুশীলনৰ সুযোগ প্রদান কৰাৰ লগতে, অসমীয়া, বড়ো, মণিপুৰী, নেপালী ভাষাসমূহক আধুনিক প্রযুক্তি তথা কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত উন্নীত কৰাৰ বাবে উল্লেখনীয় অবদান আগবঢ়াইছে।"

কর্মশালাখনত আইআইটি বম্বে, আইআইআইটি হায়দৰাবাদ, আইআইআইটি মণিপুৰ, উত্তৰ বংগ বিশ্ববিদ্যালয়, ডিব্রুগড় বিশ্ববিদ্যালয়, অসম দক্ষতা বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকসকল উপস্থিত থাকে। আধুনিক সময়ত তথ্য প্রযুক্তি আৰু ভাষাবিজ্ঞানৰ ওপৰত বহুমুখীয়া গবেষণা এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে কাৰণ কৃত্রিম বুদ্ধিমত্তা জনসাধাৰণৰ বাবে শক্তিশালী সঁজুলি হিচাপে উদ্ভাৱন হৈছে আৰু ইয়াৰ বাবে ভাৰতীয় ভাষাসমূহত প্রযুক্তি আৰু এপ্লিকেচনৰ বিকাশৰ প্ৰযোজন হৈছে। তথ্য প্রযুক্তি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ভাৰতীয় ভাষাসমূহৰ উন্নয়ন আৰু অগ্ৰগতিৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় উদ্যোগৰ অংশ হৈ আহিছে আৰু অসমীয়া আৰু বড়ো ভাষাৰ বিভিন্ন দিশত কাম কৰি আছে।

উক্ত কর্মশালাখন সমন্বয়কৰ দ্বায়িত্বত আছিল তথ্য প্রযুক্তি বিভাগৰ ড° কিশোৰ কাশ্যপ আৰু ড কুৱলী তালুকদাৰ। কর্মশালাখনত ৫০ জনতকৈ অধিক গৱেষকে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শসমূহ উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় ভাষাসমূহৰ বাবে দ্বিভাষিক (Bilingual) আৰু বহুভাষিক (Multilingual) মেচিন অনুবাদ তথা বিভিন্ন ভাষাভিত্তিক প্রযুক্তি বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব।

gauhati university workshop artificial intelligence academic workshop