জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যঃ গুৱাহাটী প্ৰেছ ক্লাবৰ নির্বাচন স্থগিত...

আমাৰ সাংবাদিকসকল আৰু নির্বাচন সমিতিও তাৰ ব্যতিক্রম নহয়। গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে আন্তৰিকতাৰে অনুভৱ কৰিছে যে নির্বাচন অনুষ্ঠিত কৰাৰ উপযুক্ত পৰিবেশ এতিয়াও গঢ় লৈ উঠা নাই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  বৰেণ্য শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত ইতিপূর্বে গুৱাহাটী প্ৰেছ ক্লাবৰ নির্বাচন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছিল নির্বাচন সমিতিয়ে। সেই মর্মে ১০ অক্টোবৰৰ পৰিৱর্তে ২৫ অক্টোবৰ ভোটগ্রহণৰ দিন ঘোষণা কৰা হৈছিল।

গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে লক্ষ্য কৰিছে যে জুবিন গাৰ্গৰ প্রয়াণৰ শোকৰ পৰা অসমবাসী এতিয়াও মুক্ত হ'ব পৰা নাই। আমাৰ সাংবাদিকসকল আৰু নির্বাচন সমিতিও তাৰ ব্যতিক্রম নহয়। গুৱাহাটী প্ৰেছ ক্লাব নির্বাচন সমিতিয়ে আন্তৰিকতাৰে অনুভৱ কৰিছে যে নির্বাচন অনুষ্ঠিত কৰাৰ উপযুক্ত পৰিবেশ এতিয়াও গঢ় লৈ উঠা নাই।

সেয়েহে ভোটগ্রহণৰ পৰৱৰ্তী তাৰিখ ঘোষণা নকৰা পৰ্যন্ত গুৱাহাটী প্লেছ ক্লাবৰ নির্বাচন (২০২৫-২৭) স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। গুৱাহাটী গ্রেছ ক্লাব নির্বাচন সমিতিয়ে এই কথাও উপলব্ধি কৰে যে নির্বাচনৰ দৰে গণতান্ত্রিক প্রক্রিয়া এটাক দীর্ঘদিন পিছুৱাই ৰখাটো গণতান্ত্রিক মূল্যবোধৰ পৰিপন্থী। পৰিস্থিতি স্বাভাৱিক হোৱা যেন অনুভৱ কৰিলেই গুৱাহাটী প্ৰেছ ক্লাবৰ নির্বাচনৰ তাৰিখ ঘোষণা কৰা হ'ব। 

জুবিন গাৰ্গ