/asomiyapratidin/media/media_files/2025/10/07/whatsapp-image-202-2025-10-07-12-37-09.jpeg)
ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ চৰকাৰী ভূমি, বনাঞ্চল, জলভাগত উচ্ছেদ অভিযান সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ন্যায়পালিকাই পূৰ্বতে নিৰ্ধাৰণ কৰা আইনী পদ্ধতি আৰু নিৰ্দেশনা কঠোৰভাৱে পালন কৰি জাতি, ধৰ্ম, ভাষাৰ ভিত্তিত বৈষম্য নোহোৱাকৈ উচ্ছেদ কৰিব লাগিব বুলি আদালতে নিৰ্দেশ দিছে।
নির্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্রদায়ৰ অন্তৰ্গত হোৱাৰ পাছতো চৰকাৰে অবৈধভাবে ঘৰ ভাঙি দিয়াৰ অভিযোগ তুলি সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল।
এই আবেদনৰ জৰিয়তে সংগঠনটোবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই খিলঞ্জীয়া লোকে চৰকাৰী ভূমি দখল কৰিলে সেয়া চৰকাৰে অবৈধ দখল হিচাপে গণ্য নকৰে বুলি মন্তব্য আগবঢ়াইছিল। মুখ্যমন্ত্রীৰ এই বক্তব্য বিভিন্ন মাধ্যমত যোৱা ২ আগষ্টত প্রকাশ পোৱাৰ পাছতো খিলঞ্জীয়া মুছলমান সম্প্রদায়ক লক্ষ্য হিচাপে লৈ চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰাত সংগঠনটোরে উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি এই আবেদন দাখিল কৰিছিল।
ন্যায়ালয়ে সকলো পক্ষৰ যুক্তি শুনি এই কথা প্রকাশ কৰে যে ধর্মৰ ভিত্তিত কোনো লোকে সুৰক্ষা নাপায় আৰু আইন সকলোৰে ক্ষেত্রত সমানে প্রযোজ্য। অসম বন অধিনিয়ম, ১৮৯১ উলংঘা কৰি বনভূমি দখল কৰা যিকোনো ধর্মৰ লোকৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি ন্যায়ালয়ে প্রকাশ কৰে।
ইয়াৰ উপৰি সদৌ গৰিয়া যুৱ ছাত্র পৰিষদ পঞ্জীয়নকৃত সংগঠন নহয় বাবে সংগঠনটোৰ আবেদনখন গ্রহণযোগ্য নহয় বুলি ব্যক্ত কৰি ন্যায়ালয়ে কয়, উচ্ছেদৰ বিষয়টো ব্যক্তিৰ সৈতেহে জড়িত। যদি কোনো লোকে তেওঁলোকৰ বিৰুদ্ধে আইন বিৰোধী ব্যৱস্থা লোৱা বা কোনো অধিকাৰ খর্ব হোৱা বুলি ভাবে, তেন্তে তেওঁলোকে উপযুক্ত মঞ্চৰ দ্বাৰস্থ হ'ব পাৰিব।