ৰহস্য ভেদ হ'বনে জুবিনৰ মৃত্যুৰ ! গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন..

ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈ মৃত্যু হোৱা জুবিনৰ মৃত্যুৰ ৰহস্যভেদৰ বাবে ৰাজ্যজুৰি জনমত প্ৰৱল হৈ থকাৰ মাজতে আজি এই বিষয়টো উঠিছেগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত।

author-image
Tushar Pratim
New Update
ৰহস্য ভেদ হ'বনে জুবিনৰ মৃত্যুৰ ! গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন..

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যভেদৰ বাবে ৰাজ্যজুৰি জনমত প্ৰৱল হৈ থকাৰ মাজতে আজি এই বিষয়টো উঠিছেগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত আজি উচ্চ ন্যায়ালয়ত দাখিল হৈছে এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। 

এগৰাকী সচেতন ব্যক্তি তথা জুবিন অনুৰাগীয়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰি সমগ্ৰ বিষয়ৰ উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে। তেওঁ জুবিনৰ মৃত্যু কেনে পৰিস্থিতিত হ’ল সেই বিষয়ে সঠিক তদন্তৰ বাবে এক উচ্চস্তৰীয় তদন্তকাৰী গোট গঠনৰ লগতে ছিংগাপুৰলৈয়ো উচ্চস্তৰীয় তদন্তকাৰী দল প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। 

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰথমবাৰৰ বাবে ২৩ ছেপ্তেম্বৰত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনটোত বন্ধ ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে কোনো ব্যক্তিৰ মৃত্যুত এইদৰে বন্ধ ঘোষণা কৰাৰ নজিৰ নাছিল। 

আজি ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল হোৱাৰ পাছতে মুখ্য ন্যায়াধীশৰ বেঞ্চে অতি গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ বাবে পৰৱৰ্তী শুনানিৰ দিন অহা ৮ অক্টোবৰ নিৰ্ধাৰণ কৰিছে। 

উল্লেখ্য যে, অসম চৰকাৰেও ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি আই ডিৰ তদন্ত ঘোষণা কৰিছে। ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ন আদিৰ বিৰুদ্ধে ৰাজ্যজুৰি দাখিল হোৱা ৬০ খনৰো অধিক এজাহাৰ চি আই ডি লৈ হস্তান্তৰ কৰা হৈছে। 

তাৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অসম চৰকাৰৰ এটা তদন্তকাৰী দলে প্ৰয়োজন হ’লে ছিংগাপুৰলৈয়ো যাব বুলি উল্লেখ কৰিছে। অৱশ্যে চি আই ডিয়ে এতিয়ালৈকে যিসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সেইসকলক সোধ-পোচৰ বাবে মতা নাই বা সোধ-পোচ কৰা নাই।

এতিয়ালৈকে গ্ৰেপ্তাৰ অথবা আটকো কৰা নাই এগৰাকীও অভিযুক্তক। তাৰ মাজতেই আজি ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰিবলৈ সাজু হৈছে গোচৰটোৰ অন্যতম অভিযুক্ত সঞ্জীৱ নাৰায়নে। 

জুবিন গাৰ্গ