/asomiyapratidin/media/media_files/2026/02/26/ityrutrytrytr-2026-02-26-23-57-30.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিভেদ বিয়পোৱা ভাষণ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত অভিযোগ উত্থাপন কৰি দাখিল কৰা একাধিক জনস্বাৰ্থমূলক আবেদন (PIL)ৰ পাছতে বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে বিশেষ জাননী। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অৰ্থাৎ ব’হাগ বিহুৰ পাছত অনুষ্ঠিত হ’ব।
ড০ হীৰেন গোহাঁই, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা বিশিষ্ট কবি হৰেকৃষ্ণ ডেকা আৰু আন দুজন ব্যক্তিক দ্বাৰা দাখিল কৰা আবেদনত সন্নিবিষ্ট অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীৰ ভাষণসমূহৰ ভিডিঅ’ সৰ্বসাধাৰণৰ বাবে উপলব্ধ হৈ থকাৰ পিছতো অসম আৰক্ষীয়ে স্বপ্ৰণোদিতভাৱে এফআইআৰ দাখিল কৰা নাই। এই নীৰৱতাই “দণ্ডমুক্তিৰ পৰিৱেশ” সৃষ্টি কৰিছে বুলি আবেদনকাৰীয়ে আদালতক অৱগত কৰে।
মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰে গঠিত বিভাগীয় বিচাৰপীঠে শুনানিৰ অন্তত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, DGP আৰু মুখ্যমন্ত্ৰীলৈ জাননী জাৰি কৰাৰ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে, আজিৰ শুনানিত আবেদনকাৰীৰ হৈ দেশৰ তিনিজন জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী, চন্দৰ উদয় সিং আৰু মীনাক্ষী অৰোৰা উপস্থিত থাকে। তেওঁলোকে আদালতত দীৰ্ঘসময় ধৰি নিজৰ বক্তব্য দাঙি ধৰে। অধিবক্তাসকলৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us