ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ম'হ আৰু বুলবুলি চৰাইৰ যুঁজৰ লগত জড়িত হৈ থকা ক্ৰুৰতাৰ বহু প্ৰমাণ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল সংগঠনটোৱে।ৰহাৰ আঁহতগুৰিৰ ম’হ যুঁজ আৰু হাজোত অনুষ্ঠিত বুলবুলি যুঁজৰ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰি পেটাই তথ্য দাখিল কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ি

ডিজিটেল ডেস্কঃ  ৰাজ্যত পুনৰ নিষিদ্ধ হ’ল ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে।  মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়ালয়ে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২৩ চনৰ ২৭ ডিচেম্বৰত এই সন্দৰ্ভত জাৰি কৰা এছ অ’ পিও খাৰিজ কৰে ন্য়ায়ালয়ে। ইফালে ৰাজ্য চৰকাৰৰ এই এছ অ’ পিৰ বিৰুদ্ধে "পেটা" নামৰ এটা স্বেচ্ছাসেৱী সংগঠন ন্যায়ালয়ৰ কাষ চাপিছিল। ম'হ আৰু বুলবুলি চৰাইৰ যুঁজৰ লগত জড়িত হৈ থকা ক্ৰুৰতাৰ বহু প্ৰমাণ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল সংগঠনটোৱে।

ৰহাৰ আঁহতগুৰিৰ ম’হ যুঁজ আৰু হাজোত অনুষ্ঠিত বুলবুলি যুঁজৰ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰি পেটাই তথ্য দাখিল কৰিছিল। গোচৰীয়া পক্ষৰ তথ্য প্ৰমাণৰ ভিত্তিতে মঙলবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ বিচাৰপীঠে।

ম’হ যুঁজ