/asomiyapratidin/media/media_files/2026/01/12/whatsapp-image-2026-2026-01-12-14-49-11.jpeg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ বিষয়ক প্ৰস্তাৱক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে সোমবাৰে সংবাদমেল সম্বোধন কৰি বাৰ এছ’চিয়েচনৰ নেতৃত্বই চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে। বাৰ এছ’চিয়েচনে স্পষ্ট কৰি কয় যে, স্থানান্তৰৰ পক্ষত মন্তব্য কৰি অহা দেৱজিত লন শইকীয়া বাৰ এছ’চিয়েচনৰ সদস্য নহয়। “তেওঁ কি কয় বা নকয়, সেয়া আমাৰ বাবে গুৰুত্বপূৰ্ণ নহয়। এই বিষয়ত তেওঁ কোনো আইনী বিশেষজ্ঞ নহয়; বৰঞ্চ চৰকাৰৰ মুখপাত্ৰৰ দৰে আচৰণ কৰিছে,” বুলি মন্তব্য কৰে সংগঠনটোৱে।
বাৰ এছ’চিয়েচনে অভিযোগ কৰে যে, চৰকাৰে অধিবক্তাসকলক সম্পূৰ্ণ অন্ধকাৰত ৰাখি উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত আগবঢ়াই গৈছে। চৰকাৰী পক্ষই দাবী কৰা তিনিবাৰ আলোচনাৰ বাবে আমন্ত্ৰণ কৰাৰ কথা বাৰ এছ’চিয়েচনে সম্পূৰ্ণৰূপে নস্যাৎ কৰে। “এনে কোনো আমন্ত্ৰণ আমাক কেতিয়াও দিয়া হোৱা নাছিল,” স্পষ্টকৈ জনায় সদস্যসকলে।
ইফালে, বৰ্তমানৰ উচ্চ ন্যায়ালয় চৌহদত স্থান সংকটৰ যুক্তিকো বাৰ এছ’চিয়েচনে প্ৰত্যাহ্বান জনায়। সংগঠনটোৱে উল্লেখ কৰে যে, বিদ্যমান ভৱনতে অতিৰিক্ত তিনিটা তলা নিৰ্মাণৰ ব্যৱস্থা আছে। অধিবক্তা সকলে ইতিমধ্যে একাধিক বিকল্প সমাধান চৰকাৰক আগবঢ়াইছিল যদিও চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ বাৰ এছ’চিয়েচনৰ।
আনহাতে, সংগঠনটোৱে লগতে উল্লেখ কৰে যে বৰ্তমানৰ উচ্চ ন্যায়ালয় ভৱনটোৰ সৈতে ঐতিহ্য জড়িত। “মন্দিৰ সদৃশ এই স্থাপত্যৰ গুৰুত্ব অগ্ৰাহ্য কৰিব নোৱাৰি। যদি অঞ্চলটো সঁচাকৈ অনুপযুক্ত হয়, তেন্তে ঠিক কাষতেই কিয় ১০ তলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছে?” বুলিও প্ৰশ্ন তোলে বাৰ এছ’চিয়েচনে।
একেদৰে, সকলো অধিবক্তাই স্থানান্তৰৰ পক্ষত ভোট দিছে বুলি চৰকাৰী দাবীকো সংগঠনটোৱে বিভ্ৰান্তিকৰ বুলি আখ্যা দিয়ে। “চৰকাৰে নিজেই ১০০ শতাংশ ভোট পাই ক্ষমতালৈ অহা নাছিল; মাত্ৰ প্ৰায় ৩৭ শতাংশ ভোট পাইছে। তেন্তে এনে যুক্তি কেনেকৈ গ্ৰহণযোগ্য?” বুলিও প্ৰশ্ন কৰে বাৰ এছ’চিয়েচনে। লগতে চৰকাৰী বিজ্ঞাপনত ভুৱা তথ্য প্ৰচাৰ কৰা হৈছে বুলিও অভিযোগ তোলে।
অধিবক্তাসকলক কেতিয়াও আপত্তি আছে নে নাই বুলি সোধা হোৱা নাছিল বুলি অভিযোগ কৰি বাৰ এছ’চিয়েচনে কয়, “অধিবক্তাসকল কেৱল উচ্চ ন্যায়ালয়ৰ অংশ নহয়, সমাজৰো অবিচ্ছেদ্য অংশ। আমি সদায় জনস্বাৰ্থত কাম কৰোঁ।”
ইফালে, গণতান্ত্ৰিক নীতি উলংঘনৰ অভিযোগ তুলি সংগঠনটোৱে কয় যে, কোনো ধৰণৰ আলোচনা, সংলাপ বা মত-বিনিময় অবিহনেই সিদ্ধান্ত লোৱা হৈছে। পাৰ্কিং সমস্যাক স্থানান্তৰৰ অন্যতম কাৰণ হিচাপে দেখুওৱাতো সংগঠনটোৱে নাকচ কৰে। “গুৱাহাটী, কলকাতা আদি সকলো ডাঙৰ চহৰতেই পাৰ্কিং সমস্যা আছে। এই সমস্যা কেৱল ইয়াতেই নহয়,” বুলি অধিবক্তাসকলে উল্লেখ কৰে।
প্ৰতিবাদক “অপ্ৰয়োজনীয়” বুলি দেখুৱাবলৈ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰি বাৰ এছ’চিয়েচনে কয় যে, অধিবক্তাসকলৰ বিৰুদ্ধে ভুৱা ধাৰণা সৃষ্টি কৰি জনসাধাৰণক বিভ্ৰান্ত কৰা হৈছে। এই সংবাদমেলত বাৰ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই কয়, “আমাক কেতিয়াও আলোচনাৰ বাবে মাত দিয়া হোৱা নাছিল। সিদ্ধান্ত লোৱাৰ পাছতহে জনাই দিয়া হৈছিল আৰু সেই সিদ্ধান্ত মানি ল’বলৈ কোৱা হৈছিল।” তেওঁ স্পষ্ট কৰে যে, এই বিষয়ত অধিবক্তাসকলৰ কোনো ৰাজনৈতিক উদ্দেশ্য বা স্বাৰ্থ নাই।
একেদৰে, “চৰকাৰে একপক্ষীয় সিদ্ধান্ত জাপি দিয়াত আমি গভীৰভাৱে দুঃখিত,” বুলিও কয় শৰ্মাই। “যুক্তিসংগত আলোচনা আৰু সমস্যাৰ সমাধান হ’লে আমি হাঁহি মুখে ৰংমহললৈ যাবলৈও সাজু। আমিও উন্নয়ন বিচাৰোঁ, কিন্তু উন্নয়ন একপক্ষীয় সিদ্ধান্তৰ জৰিয়তে আহিব নোৱাৰে।” বুলি উল্লেখ কৰি বৰ্তমানৰ স্থানতেই কম খৰচত একে ধৰণৰ উন্নয়ন সম্ভৱ বুলি মন্তব্য কৰে। আনহাতে চৰকাৰক সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় বাৰ এছ’চিয়েচনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us