/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/34-1.jpg)
ডিজিটেল সংবাদ , নগাঁও: ৰূপহীহাটৰ গড়াজানত সোমবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত এটি শিশু নিহত হোৱা ঘটনাই স্হানীয় অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। গড়াজানৰ পূৱ আমৰাকান্দা গাঁৱত এ এছ ০২ বিচি ৩৬৯৮ নম্বৰৰ এখন তীব্ৰ বেগী টাটা মোবাইলে খুন্দিওৱাৰ ফলত দুবছৰীয়া শিশুটো নিহত হয়।নিহত শিশুটো বাপন মণ্ডল নামৰ লোকজনৰ সন্তান তন্ময় মণ্ডল বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।পিচত গড়াজান আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।আৰক্ষীয়ে শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিয়লি নগাঁৱলৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us